ETV Bharat / state

হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণত বিফল হৈছে নেকি বন বিভাগ ! - হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণত বিফল হৈছে নেকি বন বিভাগ !

দৈনিক বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ কিয় বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বন্যহস্তীসমূহে ? হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিফল হৈছে নেকি বন বিভাগ ?

বন্যহস্তী
বন্যহস্তী
author img

By

Published : Dec 14, 2020, 6:09 PM IST

Updated : Dec 15, 2020, 10:52 PM IST

তিনিচুকীয়া, 14 ডিচেম্বৰ : সম্প্ৰতি অসমৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তী আৰু মানুহৰ সংঘাতে ৷ অনুৰূপ পৰিস্থিতি উজনি অসমৰ আপাৰ বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত ৷ দৈনিক বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে বনাঞ্চল খনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ৷ যাৰ ফলত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লোকে হাতীৰ আক্ৰমণত প্ৰাণো হেৰুৱাইছে ৷ ২০১৯-২০ বৰ্ষৰ ভিতৰতে ডিগবৈত প্ৰায় ৭ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে বন্যহস্তীৰ আক্ৰমণত ৷

কিয় বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বন্যহস্তীসমূহে ?

স্থানীয় লোকৰ লগতে এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে জানিবলৈ দিয়া অনুসৰি, আপাৰ বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে বন্যহস্তী অহা-যোৱা হস্তীদণ্ডীত বহু লোকে ঘৰ নিৰ্মাণ কৰি ব্যৱসায়স্থলী আদি গঢ়ি তুলিছে ৷ ইয়াৰোপৰি বনাঞ্চল ধ্বংস কৰি একাংশ চোৰাং ব্যৱসায়ীয়ে বেহা কৰাৰ লগতে বনাঞ্চলৰ খাদ্য সমূহ বজাৰত বিক্ৰী কৰিছে ৷ যাৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে বন্যহস্তীসমূহ ৷ তৎসত্বেও এনেবোৰ ঘটনা দেখিও বন বিভাগে নিৰৱ ভূমিকা পালন কৰি আছে বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ৷

হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণত বিফল হৈছে নেকি বন বিভাগ !

বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে সমগ্ৰ জীৱনৰ বাবে ঘূণীয়া হৈছে বহু লোক ৷ ৰাইজৰ অভিযোগ বন বিভাগৰ চৰম গাফিলতিৰ বাবেই নিতৌ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ আনহাতে বহু সময়ত মৃত্যুমুখত পৰিবলগীয়া হৈছে জনাঞ্চললৈ ওলাই অহা বন্যহস্তী ৷ একাংশ লোকে বিহ পান কৰোৱাই নাইবা বৈদ্যুতিক শ্বক প্ৰদান কৰি হত্যা কৰিছে বহু বন্যহস্তীক ৷ শেহতীয়াকৈ চিৰাঙত এনে এক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবেই ৰাইজে নিজাববীয়াকৈ এনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰিছে ৷

দৈনিক বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে

অতি শীঘ্ৰেই যদি বনাঞ্চলসমূহ ধ্বংসৰ গৰাহলৈ যোৱাৰ পৰা ৰক্ষাৰ কৰাৰ লগতে হস্তীদণ্ডীসমূহ মোকলাই নিদিয়ে তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা নিশ্চিত ৷ কেইটামান টকাৰ বাবদ যাতে বন বিভাগে বনাঞ্চলসমূহ ধ্বংস কৰি জৈৱ-বৈচিত্ৰলৈ সংকট নমাই নানে তাৰ বাবেও স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে আহ্বান জনাইছে ৷ অন্যথা স্থানীয় বন বিভাগৰ কাৰ্যালয়সমূহত ৰাইজে তলা লগাবলৈ বাধ্য হ'ব বুলিও সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: পদে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে

Last Updated : Dec 15, 2020, 10:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.