ETV Bharat / state

দাৰ্জিলিঙত উজ্জ্বলিল টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দল - দাৰ্জিলিঙত অনুষ্ঠিত আন্তঃৰাজ্যিক মহিলা ফুটবল প্ৰতিযোগিতা

দাৰ্জিলিঙত অনুষ্ঠিত আন্তঃৰাজ্যিক মহিলা ফুটবল প্ৰতিযোগিতাত বিজিত টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দলটো ৷

Darjiling Women state level football competition
দাৰ্জিলিঙত উজ্জ্বলিল টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দল
author img

By

Published : Feb 27, 2020, 5:23 PM IST

শদিয়া, 27 ফেব্ৰুৱাৰী: আন্তঃৰাজ্যিক মহিলা ফুটবল প্ৰতিযোগিতাত গৌৰৱ কঢ়িয়াই আনিছে কাকপথাৰৰ টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দলটিয়ে ৷ চিকিমৰ দাৰ্জিলিং চহৰত অনুষ্ঠিত হোৱা দেশৰ বিভিন্ন প্ৰান্তৰ ১৬ টাকৈ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷ যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ফাইনেলত মাউট চাহ বাগিছা মহিলা দলৰ হাতত পৰাস্ত হয় সংগীতা লগুন অধিনায়ক নেতৃত্বাধীন টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দলটো ৷

Darjiling Women state level football competition : Runners up Kakoapathar Tangana women football team
দাৰ্জিলিঙত উজ্জ্বলিল টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দল

দলটোক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি টঙনা চাহ বাগিছাৰ মুখ্য পৰিচালক মুকেশ বহৰাই মহিলা দলটোক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে ইয়াতকৈ ভাল প্ৰদৰ্শন কৰি টঙনা তথা কাকপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ৷

দাৰ্জিলিঙত অনুষ্ঠিত আন্তঃৰাজ্যিক মহিলা ফুটবল প্ৰতিযোগিতাত বিজিত টঙনা চাহ বাগিছাৰ মহিলা ফুটবল দলটো

লগতে চাহ বাগিছাসমূহত বহু প্ৰতিভা থকাৰ পিছতো প্ৰতিভাসমূহ বিকাশ হোৱাত চাহ বাগিছাৰ কৰ্মচাৰীসকলে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় পৰিচালক গৰাকীয়ে ৷ সম্বৰ্ধনা অনুষ্ঠানত চাহ বাগিছাখনৰ পৰিচালক, সহপৰিচালক, ফেক্টৰী পৰিচালক, বাগিছাৰ কৰ্মচাৰী, এ চি এম এছৰ বিষয়ববীয়া, সাংবাদিক উপস্থিত থাকি মহিলা ফুটবল দলটোক অভিনন্দন জ্ঞাপন কৰে ৷

লগতে পঢ়ক: মহিলা টি-20 বিশ্বকাপ : ছেমিফাইনেলত ভাৰত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.