ETV Bharat / state

Crime in Tinsukia: তিনিচুকীয়াত ৫ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল জব্দ

author img

By

Published : Jul 2, 2023, 1:38 PM IST

আৰক্ষীক চেলেঞ্জ কৰি তিনিচুকীয়াত ন ন কৌশলেৰে তেল চুৰি দুষ্ট চক্ৰৰ ৷ চোৰাং খাৰুৱা তেলভৰ্তি ডাম্বাৰৰূপী টেংকাৰসহ ধৃত দুই ৷

crude oil smuggler arrested at bordubi
খাৰুৱা তেলৰ ৰমৰমীয়া বেহা
খাৰুৱা তেলৰ ৰমৰমীয়া বেহা

তিনিচুকীয়া, ২ জুলাই: তিনিচুকীয়া জিলাৰ আৰক্ষী বিভাগক প্ৰত্য়াহ্বান জনাই এতিয়া ন ন কৌশলেৰে তেলচুৰি চক্ৰই অব্যাহত ৰাখিছে খাৰুৱা তেলৰ ৰমৰমীয়া বেহা ৷ কিয়নো খাৰুৱা তেল চুৰিৰ দুটাকৈ চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই পুঠিখলিহনাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই ৰৌ-বৰালিক ৷ ইয়াৰ মাজতেই বৰডুবি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ খাৰুৱা তেলসহ দুজনক গ্ৰেপ্তাৰ কৰে ।

শুক্ৰবাৰে নিশা বৰডুবি আৰক্ষীয়ে জব্দ কৰে AS09 AC4834 নম্বৰৰ ডাম্পাৰৰূপী টেংকাৰখন ৷ লগতে চোৰাং তেল সৰবৰাহত ব্যৱহৃত AS01 AP6034 নম্বৰৰ এখন বাহনো জব্দ কৰে ৷ ডাম্পাৰখনৰ চালকসহ আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰডুবি আৰক্ষীয়ে ৷ ধৃত লোক দুজন কাকপথাৰৰ খৰ্গজ্যোতি গগৈ আৰু টেঙাখাটৰ সত্যজিৎ বাইলুং ৷ ডাম্পাৰখনৰ পৰা আৰক্ষীয়ে ৫ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল আৰু ১০০ লিটাৰ চোৰাং কণ্ডেনচেট জব্দ কৰে ।

ইয়াৰ পূৰ্বেও NL02 Q5501 নম্বৰৰ ডাম্পাৰখনত অবৈধভাৱে বলিউদৰ চিনেমাৰ কাইদাৰে টেংকি সংস্থাপন কৰি চোৰাং খাৰুৱা তেল সৰবৰাহ কৰাৰ সময়তে ১৯ মেত বৰডুবি বালিজান পথত দূৰ্ঘটনাত পতিত হোৱা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । কিন্তু উক্ত চক্ৰটোৰো কোনো লোককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নাই সেয়া ৰহস্যজনক ৷ তাৰ পূৰ্বেও কাকপথাৰত আৰক্ষীয়ে জব্দ কৰিছিল একেই ডাম্পাৰৰূপী টেংকাৰ ৷

চোৰাং খাৰুৱা তেল সৰবৰাহকাৰীয়ে পৰিবহণ বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি দি শিল- বালি কঢ়িওৱা ডাম্পৰত অবৈধভাৱে টেংকি তৈয়াৰ কৰি সৰবৰাহ কৰে চোৰাং খাৰুৱা তেল ।পৰৱৰ্তী সময়ত বৰডুবি আৰক্ষীৰ থানাত তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জব্দ কৰা দুখন বাহন পৰ্যবেক্ষণ কৰি ধৃত লোকদুজনক অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা চলাইছে । চোৰাং কণ্ডেনচেটসহ খাৰুৱা তেল বৰডুবি আৰক্ষী থানাৰ নাকৰ তলেৰে এনেদৰে পাৰ হয় নেকি বুলি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক:Constituency delimitation : মূলসুঁতিৰ অসমীয়াৰ সৈতে সম্পৰ্ক নথকাবোৰেহে সমষ্টি পুননিৰ্ধাৰণৰ বিৰোধিতা কৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.