ETV Bharat / state

চৰকাৰী নিৰ্দেশনা অমান্য কৰি হিন্দুস্থান ইউনিলিভাৰে চলাই গৈছে উৎপাদন

author img

By

Published : May 19, 2021, 8:46 PM IST

চৰকাৰ-প্ৰসাশনৰ নিৰ্দেশক কেৰেপেই নকৰে হিন্দুস্থান ইউনিলিভাৰে । চৰকাৰী এছ অ’ পিক অমান্য কৰি নিয়মিতভাৱে চলাই গৈছে উৎপাদন কাৰ্য ৷ ফেক্টৰীটোত কৰ্মৰত একাংশ কৰ্মচাৰীৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ৷ প্ৰতিক্ৰিয়া ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

covid-sop-violation-by-hindunstan-uniliver
চৰকাৰী SOPক অমান্য কৰি হিন্দুস্থান ইউনিলিভাৰে চলাই গৈছে উৎপাদন কাৰ্য

ডুমডুমা, 19 মে': সদা বিতৰ্কত থকা ডুমডুমাৰ হাঁহচৰাস্থিত হিন্দুস্থান ইউনিলিভাৰ লিমিটেড নামৰ বহুজাতিক কোম্পানীটোৰ প্ৰসাধন ফেক্টৰী কতৃপক্ষই চৰকাৰৰ নিৰ্দেশনাক ভৰিৰে মোঁহাৰি প্ৰত্যেক দিনাই চলাই গৈছে উৎপাদন কাৰ্য । ফেক্টৰীটোত নিতৌ ৬০০ বিষয়া-কৰ্মচাৰীৰ ১০০ শতাংশ উপস্থিতিত উৎপাদন কাৰ্য চলাই আহিছে ।

উল্লেখযোগ্য যে, ফেক্টৰীটোত কৰ্মৰত বহুসংখ্যক কৰ্মচাৰীৰ দেহত ইতিমধ্যে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ এই সম্পৰ্কে ফেক্টৰী কৰ্তৃপক্ষই সম্পূৰ্ণ বিষয়টো গাপ দি ধাৰাবাহিকভাৱে প্ৰাইভেট প্ৰডাক্ট ফেক্টৰীটোত অত্যাৱশ্যকীয় সামগ্ৰী টুথপেষ্ট আৰু হেণ্ডৱাচৰ অচিলা লৈ ১০০ শতাংশ কৰ্মচাৰীৰে অনায়াসে চলাই গৈছে প্ৰসাধন জাতীয় সামগ্ৰীৰ উৎপাদন কাৰ্য ।

ফেক্টৰী কতৃপক্ষই কেৱল মাত্ৰ মুনাফা আদায় কৰাৰ স্বাৰ্থত কৰ্মচাৰী সকলৰ জীৱনৰ সৈতে খেলা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰশাসন তথা চৰকাৰে বহুজাতিক কোম্পানীটোৰ মইমতালিক কিয় নাকি লগাব পৰা নাই বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছে ৷

হিন্দুস্থান ইউনিলিভাৰত কৰ্মৰত কৰ্মচাৰীৰ এক ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ফেক্টৰীটোত কৰ্মচাৰীৰ কৰ’ণা পজিটিভ সংখ্যা বৃদ্ধি হোৱাত ৰেপিড এণ্টিজেন টেষ্ট (RAT) বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে । হিন্দুস্থান ইউনিলিভাৰ কৰ্তৃপক্ষই এনেদৰে কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যতক লৈ কৰা ল'ৰা-ধেমালি বন্ধ কৰিবলৈ সকিয়নি প্ৰদান কৰিছে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : বিধায়ক জিতু গোস্বামীৰ আদৰণীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.