ETV Bharat / state

সৰু মেছাই গাঁৱত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 27, 2021, 9:56 AM IST

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰু মেছাই গাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে ৷ সম্প্ৰতি গাঁৱখনত প্ৰায় চাৰিশ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

কাকপথাৰৰ সৰু মেছাই গাঁৱত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা
covid-cases-increased-at-kakopathar

শদিয়া,27 মে’: ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৷ বিভিন্ন অঞ্চলত কৰ’ণাই গণ সংক্ৰমণৰ ৰূপ লৈছে ৷ ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰতো কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ বৃহত্তৰ কাকপথাৰ অঞ্চলত কেইবাগৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৷ কাকপথাৰৰ সৰুমেছাই গাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে । স্বাস্থ্য বিভাগে গাঁওখনত নিতৌ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

সৰু মেছাই গাঁৱত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

আনহাতে, সম্প্ৰতি গাঁওখনত প্ৰায় চাৰিশ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ইয়াৰ বিপৰীতে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা এশতকৈ অধিক হৈছে ৷ উল্লেখ্য যে, স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে গাঁওখনত ৷ গাঁওখনৰ যুৱক সংঘৰ তৎপৰতাত চেনিটাইজেচন কাৰ্যসূচীৰ লগতে অনুষ্ঠিত কৰা হৈছে সজাগতা সভা ৷ ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগে তেনে গাঁও তথা অঞ্চলসমূহত কঠোৰ নীতি-নিৰ্দেশনা বলৱৎ কৰি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷

ইয়াৰ বিপৰীতে এতিয়াও যেন একাংশ গাঁওবাসী তথা ক’ভিড আক্ৰান্তৰ মাজত সজাগ-সচেতনতা দেখা পোৱা নগ’ল ৷ একাংশ ক’ভিড আক্ৰান্তৰ লগতে একাংশই মুকলিকৈ ঘূৰা-ফুৰা অব্যাহত ৰাখিছে ৷ গাঁওখনৰ এই ভয়াৱহ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক সংঘই চৰকাৰ তথা প্ৰশাসনক উক্ত গাঁওখনক ৰেড জ’ন ঘোষণা কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা গাঁওখনত কৰ’ণাৰ গণ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়ক: এখন এম্বুলেঞ্চৰ বাবে হাহাকাৰ জিনজিয়াবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.