ETV Bharat / state

পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যৰ

তিনিচুকীয়াৰ বৰহাপজান গাঁও পঞ্চায়তৰ সভানেত্ৰী পিংকী মৰাণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ পঞ্চায়তৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ বুজন পৰিমাণৰ কমিচন ৰাজ চলোৱাৰ অভিযোগ তুলিছে পঞ্চায়টোৰ ৱাৰ্ড সদস্যসকলে ৷

corruption-allegation-against-panchayat-president
অনাস্থা প্ৰস্তাৱ গ্ৰহণ ৱাৰ্ড সদস্যৰ
author img

By

Published : May 26, 2021, 2:33 PM IST

তিনিচুকীয়া,26 মে’: তিনিচুকীয়া জিলাৰ বৰহাপজান গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল ৷ পঞ্চায়তৰ সভানেত্ৰী পিংকী মৰাণৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ নামত কমিচন ৰাজ চলোৱা আৰু স্বজন-তোষণৰ গুৰুত্বৰ অভিযোগ তুলিছে পঞ্চায়তটোৰ ৱাৰ্ড সদস্যসকলে ৷ লগতে সদস্যসকলে অনাস্থা প্ৰস্তাৱ অনাৰ দাবী উত্থাপন কৰে ৷

ৱাৰ্ড সদস্যসকলৰ অভিযোগ অনুসৰি, পঞ্চায়ত সভানেত্ৰী পিংকী মৰাণে পঞ্চায়তলৈ অহা চৰকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ বুজন পৰিমাণৰ কমিচন ৰাজ চলাই আহিছে ৷ ইয়াৰোপৰি পঞ্চায়তটোৰ ঠিকাৰ কামসমূহ নিজৰ সম্বন্ধীয় বা ঘনিষ্ঠ লোকক প্ৰদান কৰি আহিছে, যাৰ ফলস্বৰূপে পঞ্চায়তটোৰ 8 গৰাকী ৱাৰ্ড সদস্যই সভানেত্ৰী গৰাকীৰ প্ৰতি ক্ষোভ উজাৰি অনাস্থা প্ৰস্তাৱ অনাৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় ৷

অনাস্থা প্ৰস্তাৱ গ্ৰহণ ৱাৰ্ড সদস্যৰ

গতিকে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্য বান্ধি লোৱা বিজেপি চৰকাৰে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে? নে বিজেপি দলৰ হোৱা হেতুকে পঞ্চায়ত সভানেত্ৰীগৰাকীক ক্ষমা কৰি দিব, তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে ৱাৰ্ড সদস্যসকলৰ মাজত ৷

লগতে পঢ়ক : ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নাপাই চুৰি কাৰ্যত নামিল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.