ETV Bharat / state

Cooking competition in Tinsukia : তিনিচুকীয়াত মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ মাজত ৰন্ধন প্ৰতিযোগিতা - সুস্বাদু খাদ্য

শুকুৰবাৰে তিনিচুকীয়াত পি. এম পোষণৰ অধীনত বিদ্যালয়সমূহত আয়োজন কৰা হয় মধ্যাহ্ন ভোজনৰ বাবে নিয়োজিত ৰান্ধনীসকলৰ মাজত ৰন্ধন প্ৰতিযোগিতা (Cooking competition among Midday Meal cooks in Tinsukia) ৷ এই প্ৰতিযোগিতাত কেবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰে ৷ লগতে কেবাগৰাকীও ৰান্ধনীৰ হাতৰ সুস্বাদু খাদ্যই মন্ত্ৰমুগ্ধ কৰে বিচাৰকক ৷

Cooking competition among Midday Meal cooks in Tinsukia
তিনিচুকীয়াত ৰান্ধনীসকলৰ মাজত ৰন্ধন প্ৰতিযোগিতা
author img

By

Published : Mar 10, 2023, 10:32 PM IST

তিনিচুকীয়া, ১০ মাৰ্চ : সমগ্ৰ শিক্ষা অভিযান তিনিচুকীয়া নগৰ খণ্ডৰ অন্তৰ্গত দুটাকৈ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়সমূহত আজি অৰ্থাৎ শুকুৰবাৰে মধ্যাহ্ন ভোজনৰ বাবে নিয়োজিত ৰান্ধনীসকলৰ মাজত মণ্ডল পৰ্যায়ত ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Cooking competition among Midday Meal cooks in Tinsukia) । পি.এম পোষণৰ অধীনত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনত পৰিপুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই ৰন্ধন প্ৰতিযোগিতা আয়োজন কৰা হয় (Cooking competition in Tinsukia) ৷

উল্লেখযোগ্য যে, সমগ্ৰ শিক্ষা অভিযান তিনিচুকীয়া নগৰ খণ্ডৰ মণ্ডল সমল কেন্দ্ৰ ৩ ৰ উদ্যোগত বিমলা প্ৰসাদ চলিহা নিম্ন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিমলা প্ৰসাদ চলিহা নিম্ন প্ৰাথমিক বিদ্যালয়, মনিদীপ নিম্ন প্ৰাথমিক বিদ্যালয়, দহুটিয়া চুক নিম্ন প্ৰাথমিক বিদ্যালয়ে ৷ লগতে ড৹ বি. আৰ.আম্বেদকাৰ নিম্ন প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়া বঙালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, তিনিচুকীয়া বংঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুৰ্গাবাৰী শিশু উচ্চতৰ মাধ্যমিক বিদ্যালয়, হিন্দুস্থানী উচ্চ মাধ্যমিক বিদ্যালয়েও অংশ লয় এই প্ৰতিযোগিতাত ।

এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা দীলমণি চাংমাই, গ্ৰন্থাগাৰিক বল্লভ গগৈ, নিবেদিতা মৰাণ, জ্যেষ্ঠ সাংবাদিক ৰূপম কাকতী । এই ৰন্ধন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিমলা প্ৰসাদ চলিহা নিম্ন প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে তিনিচুকীয়া বংঙীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে তিনিচুকীয়া বঙালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে ।

Cooking competition among Midday Meal cooks in Tinsukia
তিনিচুকীয়াত ৰান্ধনীসকলৰ মাজত ৰন্ধন প্ৰতিযোগিতা

একেদৰে, সমল কেন্দ্ৰ নং ২ ৰ উদ্যোগত বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰন্ধন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়, আদৰ্শ বালিকা বিদ্যালয়, বাটৰ পুখুৰী নিম্ন প্ৰাথমিক বিদ্যালয়, ষ্টীলচৱৰ্থ নিম্ন প্ৰাথমিক বিদ্যালয়, দুৰ্গা মধ্য ইংৰাজী বিদ্যালয়, গণপত্ৰায় ৰসীৱাচিয়া মধ্য ইংৰাজী বিদ্যালয়, সৰ্বানন্দ সিংহ মধ্য ইংৰাজী বিদ্যালয়ে ।

প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা বিজয়া বৰঠাকুৰ, ডায়েটিচিয়ান নৱজ্যোতি বৰগোহাঁই, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা চন্দ্ৰ কে. আৰ. দাহাল, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ । ৰন্ধন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে দুৰ্গা মধ্য ইংৰাজী বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে বাটৰ পুখুৰী নিম্ন প্ৰাথমিক বিদ্যালয়ে ।

লগতে পঢ়ক : Assam State Film Awards for 2018 and 2019 : ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰিলে মন্ত্ৰী বিমল বড়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.