শদিয়া,10অক্টোবৰঃ কৃষক আইনৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ ৷ শনিবাৰে কাকপথাৰত কৃষক আইনৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে ছৈখোৱা ব্লক কংগ্ৰেছৰ সহযোগত কাকপথাৰ মণ্ডল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাকপথাৰ অসমীয়া দূৰ্গা পূজা মন্দিৰৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
ইপিনে এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি দলৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি বুথ কমিটিৰ সভাপতি,সম্পাদক সহ কেইবাগৰাকীও কৰ্মীয়ে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷
লগতে পঢ়কঃগোলাঘাটত হাতী-মানুহৰ সংঘাত