ETV Bharat / state

মূল্য বৃদ্ধি : মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 7:04 PM IST

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ আহ্বান মৰ্মে আৰু মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়িত হয় ।

মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদ
মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা, 3 জুলাই : সমগ্ৰ দেশতে অত্যাধিক ভাৱে বৃদ্ধি পোৱা পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত শুকুৰবাৰে সাব্য়স্ত কৰা হয় প্ৰতিবাদ । নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ আহ্বান মৰ্মে আৰু মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় । মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰী সকলে । ইয়াৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

মূল্য বৃদ্ধিঃ মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য যে, চৰকাৰে বৃদ্ধি কৰা পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ সকলো অত্যাৱশ্যকীয় সামগ্ৰীতে পৰিছে । যাৰ বাবে জলা কলা খাব লগীয়া হৈছে সাধাৰণ জনতাই । লক ডাউনৰ ফলত জুৰুলা হোৱা ৰাইজক মূল্যবৃদ্ধিয়ে পুনৰ ক্ষতিগ্ৰস্ত কৰিছে । সেয়ে চৰকাৰক মূল্যবৃদ্ধি ৰোধ কৰি পূৰ্বৰ দৰে স্বাভাৱিক কৰিবলৈ বিভিন্ন দল সংগঠনে বিগত কেইবাদিনো ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক : কল বাগান স্থাপনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টাত ব্ৰতী এদল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.