শদিয়া, 17 জুলাই : কাকপথাৰ দুটাকৈ অৱস্থাহীন পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে কংগ্ৰেছ নেতা দুলু আহমেদে ৷ খেৰজানৰ এটা দৰিদ্ৰ পৰিয়ালৰ বায়েক-ভনীয়েকে বজাৰত শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ বাতৰিৰ সমান্তৰালকৈ কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ 6 টাকৈ ঘাট-মাউৰা ল’ৰা-ছোৱালীৰ কৰুণ কাহিনী সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পাচতে দুৰ্ভগীয়া দুয়োটা পৰিয়ালৰ কাষত উপস্থিত হয় হাজোৰ কংগ্ৰেছ নেতাগৰাকী ৷
খেৰজান আৰু কৈলাশপুৰৰ দুয়োটা পৰিয়ালক কাকপথাৰ প্ৰেছ ক্লাৱৰ জৰিয়তে 10 হাজাৰকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে খেৰজানৰ পৰিয়ালটিক শিশুকেইটাক প্ৰতিমাহে 2 হাজাৰকৈ আৰু কৈলাশপুৰৰ ঘাট-মাউৰা শিশুকেইটাৰ অধ্যয়নৰ সুবিধাৰ বাবে মাহিলী 3 হাজাৰ টকা প্ৰদানৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
কংগ্ৰেছ নেতা দুলু আহমেদৰ এই সাহাৰ্যৰ বাবে তেওঁক ধন্য়বাদ জ্ঞাপন কৰিছে পৰিয়াল দুটাই ৷ দুলু আহমেদৰ লগতে এতিয়া বহুকেইজন লোকে দুৰ্ভগীয়া পৰিয়াল দুটালৈ সহায়ৰ হাত আগবঢ়োৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : অট্টালিকা খহি মৃত্যু 5 গৰাকীৰ