শদিয়া,20অক্টোবৰঃ মঙলবাৰে কাকপথাৰত মহিলা কংগ্ৰেছৰ উদ্যোগত হোৱা এখন সভাত অৰ্ধশতাধিক মহিলা, পুৰুষে আনুষ্ঠানিকভাবে কংগ্ৰেছ দলত যোগদান কৰে ৷

কাকপথাৰৰ ডমনাবস্তীত অনুস্থিত হোৱা এখন সভাত বিজেপি, অগপকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বহু সংখ্যক লোকে শেহতীয়াকৈ বিজেপি দলে কৰি অহা কৰ্মত অতিস্থ হৈ কংগ্ৰেছ দলত যোগদান কৰা বুলি জানিবলৈ দিয়ে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিৰিঞ্চি নেওগ, ৰাজত্ব বুঢ়াগোহাঁই, জনতা গগৈ, লখেন চেতিয়া উপস্থিত থাকে ৷

ইপিনে সমাগত বিধান সভা নিৰ্বাচনত শদিয়া সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়েই জয়যুক্ত হ’ব বুলি মত প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক বিৰিঞ্চ নেওগে ৷