ডুমডুমা, 21 ফেব্ৰুৱাৰী : কাকপথাৰ আৰু হাপজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ডুমডুমা বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ এক বিশাল বুথ সংকল্প শিবিৰ সম্পন্ন হয় । ৰূপাই শাখা সাহিত্য সভাৰ সৌৰভ কলা পৰিষদৰ প্ৰেক্ষাগৃহত ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত অনুষ্ঠিত হোৱা বুথ সংকল্প শিবিৰত দলটোৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতা, প্ৰশিক্ষকৰ লগতে সমষ্টিটোৰ ১৭০ টা বুথৰ প্ৰায় পাঁচ সহশ্ৰাধিক কৰ্মকৰ্তা উপস্থিত থাকে ।
এই বুথ সংকল্প শিবিৰৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলক বিজেপি দলৰ মিথ্যাচাৰ আৰু ভুৱা প্ৰতিশ্ৰুতি সম্পৰ্কে সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে । আনহাতে, পৰিৱৰ্তন আৰু জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰ খনে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদিৰ কথা কৈছিল যদিও সেইসমূহৰ ক্ষেত্ৰত বৰ্তমান নিমাত হৈ থকাৰ অভিযোগ কৰিছে ভূমিজে ।
ইফালে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ সংকল্প গ্ৰহণ কৰি এই সভাতেই প্ৰায় দুই শতাধিক বিজেপি দলৰ নেতা-কৰ্মী সকলে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । বিজেপিয়ে ৰাইজৰ আবেগ অনুভূতিক শ্ৰদ্ধা কৰিব নাজানে, যাৰ বাবে বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মন জয় কৰাৰ প্ৰচেষ্টা চৰকাৰৰ