ETV Bharat / state

চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ: উপায়ুক্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ - মৌজাদাৰ

শুকান পুখুৰী চাহ বাগিচাৰ চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে উত্থাপন হৈছে দূৰ্নীতিৰ অভিযোগ । চৰকাৰী গাঁওবুঢ়াজনে উৎকোচ লৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে ভূমি দখলৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ: উপায়ুক্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ

author img

By

Published : Jul 1, 2021, 10:18 AM IST

তিনিচুকীয়া, 1 জুলাই : তিনিচুকীয়া (Tinsukia) জিলাৰ শুকান পুখুৰী চাহ বাগিচাৰ চৰকাৰী গাঁওবুঢ়া (Government Village Head)ৰ বিৰুদ্ধে উত্থাপন হৈছে দূৰ্নীতি (Corruption)ৰ অভিযোগ । চৰকাৰী গাঁওবুঢ়াই (Government Village Head) শুকান পুখুৰী চাহ বাগিচাৰ কিছু লোকৰ পৰা উৎকোচ লৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে ভূমি দখলৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি অহা অভিযোগ উত্থাপন হৈছে ৷ এই দূৰ্নীতিত মণ্ডল, মৌজাদাৰকে ধৰি কেইবাজনো উচ্চ পদস্থ বিষয়া জড়িত থকাৰ কথা জানিব পৰা হৈছে ৷ শুকান পুখুৰী চাহ বাগিচাৰ স্থানীয় ৰাইজে উত্থাপন কৰে এই অভিযোগ ৷

চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ: উপায়ুক্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ

শুকান পুখুৰী চাহ বাগিচাৰ ৰাইজে অভিযোগ কৰা অনুসৰি ৰংপুৰীয়া পাখৰিজান গাঁৱৰ পুঁজিপতি ব্যৱসায়ী অৰুণ চাহুৱে তিনিচুকীয়া (Tinsukia) জিলাৰ শুকানপুখুৰী চাহ বাগিচাৰ অন্তৰ্গত পুখুৰীজান অঞ্চলত অবৈধভাৱে প্ৰায় ২৭ বিঘা ৩ কঠা ১২ লেচা ভূমি বেদখল কৰি আছে । ব্যৱসায়ীজনৰ এই দূৰ্নীতিত চৰকাৰী গাঁওবুঢ়া (Government Village Head) তথা লোহাৰী বঙালী গাঁৱৰ স্থায়ী বাসিন্দা বাবুল কুৰ্মীক ওতঃপ্ৰোত ভাৱে জড়িত থকা বুলি এইসকল লোকে অভিযোগ উত্থাপন কৰিছে । শুকান পুখুৰী চাহ বাগিচাৰ স্থানীয় বাসিন্দাসকলে এই সন্দৰ্ভত বুধবাৰে জিলা উপায়ুক্ত (Deputy Commissioner)ৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰে ৷

শুকান পুখুৰী চাহ বাগিচাৰ বাসিন্দাসকলে জিলা উপায়ুক্ত (Deputy Commissioner)ক চৰকাৰী গাঁওবুঢ়া (Government Village Head) বাবুল কুৰ্মীক গ্ৰেপ্তাৰ কৰি তেওঁৰ ক্ষমতা কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে ৷ তেওঁলোকে লগতে বাবুল কুৰ্মীৰ কাৰ্যকালত শুকান পুখুৰীত কিনা বেচা কৰা সকলো মাটিৰ তথ্যৰ ওপৰত স্বৰজমিন তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্ত (Deputy Commissioner)ক আহ্বান জনায় ৷ ইয়াৰ লগতে শুকান পুখুৰী চাহ বাগিচাত শিক্ষিত থলুৱা গাঁওবুঢ়া (Government Village Head) অতিশীঘ্ৰে নিযুক্তি দিবলৈ দাবী জনায় গাঁৱখনৰ বাসিন্দা সকলে ।

লগতে পঢ়ক : কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.