তিনিচুকীয়া , 4 অক্টোবৰঃ এখন জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ধাৰাবাহিক ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যস্ততাৰ মাজতো উপভোগ কৰে জনপ্ৰিয় ধাৰাবাহিকখন ৷ ৰাজ্যৰ অজস্ৰ দৰ্শকে উপভোগ কৰি ভালপোৱা, আনকি মুখ্যমন্ত্ৰীয়েও উপভোগ কৰা এই ধাৰাবাহিকখন হ'ল "বেহাৰবাৰী আউট প'ষ্ট" ৷ ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰীয়ে উপভোগ কৰে মোহন, কে কে ছাৰৰ অভিনয় ৷ কিয় এই ধাৰাবহিকখন উপভোগ কৰে সেইয়াও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
অগ্নিনিৰ্বাপক আৰু অপদকালীন বিভাগৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তৰ তত্ত্বাৱধানত দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ মাকুম চৌহদত 'বিপদ বন্ধু বাহিনী' নামৰ এটা আপদকালীন সেৱা বাহিনীক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ বৃহস্পতিবাৰে নিশা এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি 'বিপদ বন্ধু বাহিনী'টো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত বিপদ বন্ধু সেৱা বাহিনীয়ে প্ৰদৰ্শন কৰা মক ড্ৰীলৰ লগতে বেহাৰবাৰী আউটপষ্ট ধাৰাবাহিকৰ শিল্পী মোহন, KK আৰু SI পিতম খাৰঘৰীয়াই প্ৰদৰ্শন কৰা অনুষ্ঠানো উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ধাৰাবাহিক খনৰ লগতে শিল্পী কেইগৰাকীকো ভূঁয়সী প্ৰশংসা কৰে সৰ্বানন্দ সোণোৱালে ৷