ETV Bharat / state

চাৰিদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত উদযাপন স্বপং য়ং মানাও পয় উৎসৱ - উত্তৰ পূবৰ অন্যতম সুসংগঠিত- বৰ্ণময়-ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয়

আজি লোকে লোকাৰণ্য হ'ল মাৰ্ঘেৰিটাত অনুষ্ঠিত উত্তৰ পূবৰ অন্যতম সুসংগঠিত- বৰ্ণময়-ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয় । চিংফৌসকলৰ এই জাতীয় উৎসৱটিত দেশ বিদেশৰ হাজাৰ হাজাৰ লোকৰ লগতে মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

cm sonowal at Marghwtita singpho festival
মাৰ্ঘেৰিটাত উদযাপন স্বপং য়ং মানাও পয় উৎসৱ
author img

By

Published : Feb 14, 2020, 6:57 PM IST

মাৰ্ঘেৰিটা,14 ফেব্ৰুৱাৰীঃ লোকে লোকাৰণ্য মাৰ্ঘেৰিটাৰ ইনথেমত অনুষ্ঠিত চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় স্থলী । স্বকীয় সাজ পাৰ পৰিহিত জনগোষ্ঠীটোৰ আবাল বৃদ্ধ বনিতাই গীতৰ তালে তালে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে ৷

মাৰ্ঘেৰিটাত উদযাপন স্বপং য়ং মানাও পয় উৎসৱ

উল্লেখ্য যে,স্বপং য়ং হ’ল চিংফৌ জনগোষ্ঠীয় লোক সকলৰ আদি পুৰুষ ৷ মানাও মানে হ’ল - নৃত্য গীত আৰু পয় মানে হ’ল উৎসৱ ৷ অৰ্থাৎ উপৰিপুৰুষ সকলৰ সন্তুষ্টিৰ অৰ্থে যি নৃত্য গীতৰ অনুষ্ঠান উৎসৱ ৰূপত আয়োজন কৰা হয় সেই উৎসৱৰ নামেই হ’ল - স্বপং য়ং মানাও পয় ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱৰ শুকুৰবাৰৰ দিনটোত অসম অৰুণাচলৰ চিংফৌ তথা সমগোত্ৰীয় জনগোষ্ঠীয় ৰাইজৰ লগতে হিলদল ভাঙি আহিছে সকলো জাতি জনগোষ্ঠীয় লোক । আহিছে ম্যানমাৰ, ইণ্ডোনেচিয়া থাইলেণ্ডকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধি । সকলোৱে উৎসৱটোৰ প্ৰতীক শ্বুদুঙৰ চাৰিওফালে আবেষ্টিত হৈ নাচিছে ঘন্টা ঘন্টা জুৰি ৷

লগতে পঢ়কঃকাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.