ETV Bharat / state

Tinsukia Student Death: অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে পৰিয়ালে, সৰৱ আগছু

author img

By

Published : Jun 1, 2023, 8:23 PM IST

দিনজান মধ্য/উচ্চ ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ 14 বছৰীয়া এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুত সমগ্ৰ তিনিচুকীয়া জিলাত এক চাঞ্চল্যই বিৰাজ কৰিছে ৷ বিদ্যালয়ৰ পৰা আহি ঘৰত উপস্থিত হোৱাৰ পাছতেই হঠাৎ মুখেৰে ফেন ওলাই ছাত্ৰজন বিচনাত ঢলি পৰে ৷ উন্নত চিকিৎসাৰ বাবে ছাত্ৰজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে ছাত্ৰ জন মৃত বুলি ঘোষণা কৰে (Class 8 Student Mysteriously Dies) ৷

Student Mysteriously Dies After School Hours
আকস্মিক মৃত্যু
14 বছৰীয়া এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু

তিনিচুকীয়া, 1 জুন: বুধবাৰে তিনিচুকীয়াৰ দিনজান বজাৰ নিবাসী বিষ্ণু থাপা আৰু দীপা থাপাৰ পুত্ৰ শিৱ থাপাৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তোলে দুৰ্ভগীয়া পৰিয়ালটিক (Tinsukia News) ৷ দিনজান মধ্য/উচ্চ ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ 14 বছৰীয়া ছাত্ৰ শিৱ থাপাৰ ৰহস্যজনক মৃত্যুত সমগ্ৰ তিনিচুকীয়া জিলাত এক চাঞ্চল্যই বিৰাজ কৰে (Student Mysteriously Dies After School Hours) ৷

ছাত্ৰজনৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি, বুধবাৰে বিদ্যালয়ত অধ্যয়ন কৰিবলৈ যোৱা শিৱ থাপাৰ লগতে আন ছাত্ৰ-ছাত্ৰী সকলকো কোনো মধ্যাহ্ন ভোজন নিদিয়াকৈ আইৰণ টেবলেট খাবলৈ দিয়া হৈছিল (Student Dies Mysteriously in Tinsukia) ৷ শিৱ থাপাই নিজৰ বায়েকৰ লগত বিদ্যালয় ছুটী হোৱাৰ পাছত ঘৰত আহি উপস্থিত হোৱাৰ পাছতেই হঠাৎ শিৱ থাপাৰ মুখৰ পৰা ফেন ওলাই আহে আৰু ছাত্ৰজন বিচনাত ঢলি পৰে ৷ ততাতৈয়াকৈ ছাত্ৰজনক দিনজান চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ছাত্ৰজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ কিন্ত চিকিৎসকে ছাত্ৰজন মৃত বুলি ঘোষণা কৰে (Class 8 Student Mysteriously Dies) ৷

এই ঘটনাৰ এতিয়া উচিত তদন্তৰ লগতে ন্যায় দাবী কৰিছে ছাত্ৰজনৰ পৰিয়ালে ৷ আনহাতে বিদ্যালয়ত এনেদৰে ঔষধ সেৱন কৰোৱাৰ বিষয়ে ছাত্ৰজনৰ অভিভাৱকক বিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰা নাছিল বুলিও অভিযোগ কৰিছে পৰিয়ালে (Class 8 Student Mysteriously Dies in Tinsukia)৷

এই ঘটনা সন্দৰ্ভত তিনিচুকীয়া জিলা গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰবি ছেত্ৰীয়ে তিনিচুকীয়া জিলা প্ৰশাসন আৰু বিদ্যালয় কৰ্তৃপক্ষক যি সকল ছাত্ৰক এই টেবেলেট খাবলৈ দিয়া হৈছিল তেওঁলোকক অতি সোনকালে চিকিৎসা কৰিবলৈ দাবী জনায় লগতে এনেধৰণৰ ঔষধ সমূহ ছাত্ৰ জনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট নিদিয়া পৰ্যন্ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সেইসমূহ ঔষধ খাবলৈ নিদিয়াৰ দাবী জনায় (Tinsukia Civil Hospital) ৷

লগতে পঢ়ক: SCERT Scam: SCERT কেলেংকাৰীৰ অভিযুক্ত অনুপ শইকীয়াক লগত লৈ গেম ভিলেজত অভিযান CM ভিজিলেন্সৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.