ETV Bharat / state

Chinese family in Makum : মাকুমত আজিও আছে চীনামূলীয় পৰিয়াল

author img

By

Published : Jan 28, 2023, 5:31 PM IST

তিনিচুকীয়া জিলাৰ মাকুমত চীনামূলীয় কেইবাটাও পৰিয়ালে বাস কৰি আছে (Makum Chinese origin family)। অসমীয়া খাদ্য, সাজপাৰ, ভাষা সকলো আদৰি লৈছে পৰিয়ালকেইটাই । ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা অসমতে আছে পৰিয়ালকেইটা । অৱশ্যে চৰকাৰী সুবিধা লাভৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালকেইটা ।

Chinese family in Makum
মাকুমত আজিও আছে চীনামূলীয় পৰিয়াল

মাকুমত আজিও আছে চীনামূলীয় পৰিয়াল

তিনিচুকীয়া,২৮ জানুৱাৰী : তাহানিৰ চাইনা টাউনখ্যাত তিনিচুকীয়া জিলাৰ মাকুমৰ লগতে তিনিচুকীয়া চহৰত আজিও বসবাস কৰি আছে কেইবাটাও চীনামূলীয় পৰিয়ালে (Chinese origin families in Tinsukia)। দেশ স্বাধীন হোৱাৰ পূৰ্বেই ব্ৰিটিছৰ শাসন কালতে অসমলৈ কৰ্মসূত্ৰে আহিছিল চীনামূলীয় পৰিয়ালকেইটা । অসমৰ তিনিচুকীয়াৰ লগতে আন বিভিন্ন প্ৰান্তত কাঠৰ মিলৰ লগতে চাহ বাগিচাৰ বিভিন্ন পদত কৰ্মৰত হৈ আছিল পৰিয়ালকেইটাৰ সদস্য । পৰৱৰ্তী সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতো অসমতে নিগাজীকৈ থাকিবলৈ লৈছিল চীনামূলীয় পৰিয়ালকেইটাই । মাকুমৰ এই চীনামূলীয় লোকসকলক বিষয়বস্তু হিচাপে লৈয়েই প্ৰখ্যাত লেখিকা ৰীতা চৌধুৰীয়ে ৰচনা কৰিছিল "মাকাম" নামৰ বিখ্যাত উপন্যাসখন ৷

তিনিচুকীয়া জিলাখনৰ মাকুমত চীনা পৰিয়ালৰ এখন বৃহৎ গাঁও থকাৰ উপৰিও বিদ্যালয়, ক্লাৱ আদিও স্থাপন কৰিছিল চীনা মূলৰ লোকসকলে । ১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধৰ পিছতে অঞ্চলটোৰ বহুলোক চীন দেশলৈ উভতি যোৱাৰ বিপৰীতে ভাৰততে থাকি গৈছিল কেইটামান পৰিয়াল । পৰৱৰ্তী সময়ত মাকুমৰ লগতে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত চীনামূলীয় পৰিয়ালকেইটা সিচঁৰিত হৈ থকাৰ লগতে চীনা লোকসকলে মাকুমত স্থাপন কৰা বিদ্যালয়খনক মাকুম জংচন হিন্দী বিদ্যালয় হিচাপে নামাকৰণ কৰা হয় (Chinese family of Makum)।

ইফালে, বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি মাকুমত লি খাই ৱেন নামৰ লোকজনৰ এটা পৰিয়াল আৰু তিনিচুকীয়াত ৱাঁং ছোং চিন নামৰ লোক এজনৰ এটা পৰিয়ালে অসমীয়া সমাজ জীৱনৰ সৈতে মিলি বসবাস কৰি আছে । বৰ্তমান তিনিচুকীয়াত বাস কৰা চীনামূলীয় পৰিয়ালকেইটাই ঘৰত অসমীয়া, হিন্দী ভাষাত বাৰ্তালাপ কৰাৰ লগতে সম্পূৰ্ণ অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছে । কেৱল চীনা দুই এটা শব্দহে দুই এজনে ক'ব পাৰে (Chinese origin families accepts Assamese tradition) ৷ সাধাৰণতে ঘৰত এতিয়াও চীনা খাদ্য গ্ৰহণ কৰাৰ লগতে সিদ্ধ আহাৰ আৰু বাহঁৰ টেঙা (খৰিচা) খাই ভাল পাই বুলি জানিবলৈ দিয়ে পৰিয়ালকেইটাৰ এগৰাকী সদস্যই ৷

এতিয়া ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ লগতে বিভিন্ন ব্যক্তিগত খণ্ডত কাম কৰে চীনামূলীয় পৰিয়ালকেইটাৰ সদস্যসকল । ইতিমধ্যে এন আৰ চিত নাম সন্নিৱিষ্ট কৰাৰ লগতে চৰকাৰী সুবিধাও লাভ কৰি থকা বুলি জানিবলৈ তেওঁলোকে ৷ পৰিয়ালকেইটাৰ অন্য একো অসুবিধা নহ'লেও তেওঁলোকৰ উপাধিটোৰ বাবে চৰকাৰী চাকৰি আৰু কিছুমান সুবিধা লাভ কৰিবলৈ অসুবিধা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে (Problem of Chinese origin families in Makum)৷

তিনিচুকীয়াত বাস কৰা পৰিয়ালকেইটাৰ বৰ্তমান চীনত বাস কৰা লোকসকলৰ সৈতে প্ৰায়েই যোগাযোগ নাইকিয়া হৈছে । অৱশ্যে তাৰ মাজতে দুই এজনে চীনত থকা পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰে বুলিও জানিবলৈ দিয়ে । ইফালে পৰিয়ালকেইটাই ১৯৬২ চনৰ পূৰ্বৰ কিছু সামগ্ৰী আৰু ফটো এতিয়াও স্মৃতি হিচাপে সাঁচি ৰাখিছে ।

লগতে পঢ়ক :PMAY scam in Nalbari: মৌলিক অধিকাৰৰ বাবে নলবাৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.