ETV Bharat / state

Frod in lottery: উপহাৰ কূপন খেলৰ নামত প্ৰৱঞ্চনা - Frod in lottery

তিনিচুকীয়াত উপহাৰ কূপন খেলৰ নামত প্ৰৱঞ্চনা । তিনিচুকীয়া আৰক্ষীৰ পৰা প্ৰয়োজনীয় অনুমতি নোপোৱাৰ পৰিপ্ৰেক্ষিতত উপহাৰ কূপন খেলত বাধা আৰোপ কৰাৰ পাচতো আয়োজকসকলে মুকলিকৈ কূপন বিক্ৰী কৰি ধন সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ অভিযোগে উত্থাপন কৰে ।

Cheating in the name of lottery in Tinsukia
উপহাৰ কূপন খেলৰ নামত প্ৰৱঞ্চনা
author img

By

Published : Jun 11, 2023, 10:48 PM IST

তিনিচুকীয়া, ১১ জুন: তিনিচুকীয়াৰ ২নং কদমণি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে অনুষ্ঠিত হ'বলগীয়া উপহাৰ কূপন খেলখনৰ নামত এটা চক্ৰই প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে, প্ৰতিটো উপহাৰ কূপনৰ বাবদ ১০০ টকাকৈ ধাৰ্য কৰি আয়োজক সমিতিৰ একাংশই ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, ধেমাজি আদি অঞ্চলত ব্যাপক হাৰত কূপন বিক্ৰীৰ জৰিয়তে ধন সংগ্ৰহ কৰে ।

Cheating in the name of lottery in Tinsukia
উপহাৰ কূপন খেলৰ নামত প্ৰৱঞ্চনা

এই উপহাৰ কূপন খেলখনৰ পুৰস্কাৰ হিচাপে কেইবাখনো বিলাসী বাহন, মটৰ চাইকেল, আই ফোন আদিৰ ব্যৱস্থা কৰিছিল আয়োজকে । কিন্তু ইয়াৰ বাবে তিনিচুকীয়া আৰক্ষীৰ পৰা প্ৰয়োজনীয় অনুমতি নোপোৱাৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে যোৱা ২৯ মে'ত উপহাৰ কূপন খেলখন অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি জাননী জাৰি কৰে ।

কিন্তু আৰক্ষীৰ বাধা স্বত্বেও খেলৰ আয়োজকসকলে মুকলিকৈ কূপন বিক্ৰী কৰি ধন সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখে । মন কৰিবলগীয়া যে, ২নং কদমনি নামঘৰৰ নামত প্ৰায় পাঁচ কোটিটকীয়া উপহাৰ কূপন খেলখনৰ যাৱতীয় অনুমতি বিচাৰি ৰীণা চেতিয়া নামৰ এগৰাকী মহিলাই প্ৰশাসনৰ ওচৰত আবেদন জনাইছিল ।

কিন্তু তিনিচুকীয়া আৰক্ষীয়ে বিচৰা যাৱতীয় নথি পত্ৰ আয়োজক সমিতিয়ে দিব নোৱাৰাত আৰক্ষীয়ে খেল খনত বাধা আৰোপ কৰি জাননী জাৰী কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ অনুমোদন নথকা স্বত্বেও আয়োজক সমিতিয়ে সাধাৰণ ৰাইজক নিৰ্ধাৰিত সময়মতেই উপহাৰ কূপন খেল খন অনুষ্ঠিত হ'ব চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ কূপন বিক্ৰীৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰে ।

উল্লেখযোগ্য যে, আজি উপহাৰ কূপন খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও তিনিচুকীয়া আৰক্ষীয়ে পুৱাৰে পৰা নিৰ্দিষ্ট স্থানত উপস্থিত হৈ খেল অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে । কিন্তু ইমানৰ পিছতো আয়োজক সমিতিয়ে অহা সপ্তাহত উপহাৰ কূপন খেল খন অনুষ্ঠিত হ'ব বুলি মিছাকৈ প্ৰচাৰ চলাই ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয় ।

আৰক্ষীৰ যাৱতীয় অনুমতি অবিহনে কূপন বিক্ৰীৰ জৰিয়তে ধন সংগ্ৰহ কৰা আয়োজক সমিতিয়ে হাজাৰ হাজাৰ লোকক এনদৰে প্ৰৱঞ্চনা কৰা ঘটনাই তিনিচুকীয়াত এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে, উপহাৰ কূপন খেলখনৰ বাবে আৰক্ষী, সংগঠন আৰু সাংবাদিকক মেনেজ কৰাৰ নামতো কোনো কোনোৱে আয়োজক সমিতিৰ পৰা মোটা অংকৰ ধন আদায় লৈছে । ইপিনে, তিনিচুকীয়া আৰক্ষীয়ে উপহাৰ কূপনৰ আয়োজক সমিতিৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৩ জুনতে IPC Us 14/15 AGB Act ৰ অধীনত 344/23 নম্বৰত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Road accident: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰে মহতিয়ালে যুৱকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.