ETV Bharat / state

Kendriya karam sanmilan : তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত সৰ্বানন্দ সোণোৱাল

তিনিচুকীয়াত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় কৰম সন্মিলন ৷ তিনিচুকীয়াত আয়োজিত কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

arbananda Sonowal visited Kendriya karam sanmilan
তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলন
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:40 AM IST

তিনিচুকীয়াত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় কৰম সন্মিলন

তিনিচুকীয়া, ১ অক্টোবৰ : শনিবাৰে নিশা তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত উপস্থিত হৈ পৰম্পৰাগতভাৱে কৰম পূজাত আশীষ লোৱাৰ লগতে ডিঙিত আঁৰি লয় মাদল ৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাদলত চাপৰ মৰাৰ বিপৰীতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে জুৰে ঝুমুৰ ৷ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ ঝুমুৰ আৰু কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাদলৰ ছেৱে ছেৱে ঝুমুৰ নাচিলে চাহ জনগোষ্ঠীৰ গাভৰুসকলে ৷ পৰৱৰ্তী সময়ত সকলো জাতিজনগোষ্ঠীক লগত লৈ কেন্দ্ৰীয় কৰম সন্মিলনভাগ আয়োজন কৰাৰ বাবে উদযাপন সমিতিৰ সভাপতি তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে চাহ শ্ৰমিক ৰাইজৰ কৰ্মক শ্ৰদ্ধা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে তেওঁ সকলোলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱাৰ দৰে কৰ্মসংস্কৃতিৰ জৰিয়তে দেশখন আগুৱাই নিয়াত সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Kendriya karam sanmilan:তিনিচুকীয়াত দুদিনীয়াকৈ কেন্দ্ৰীয় কৰম সন্মিলন

উল্লেখযোগ্য যে, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হৈছে উক্ত কেন্দ্ৰীয় কৰম সন্মিলনখনি । প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱাৰ পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণকে আদি কৰি বিভিন্ন কাৰ্যসূচী সমাপন কৰা হয় ৷

তাৰ পাচতে নিশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হোৱাৰ লগে লগে এক আনুষ্ঠানিকতা সম্পন্ন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷ সেই সময়ত উপস্থিত থাকে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : Assam Meghalaya border dispute : সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.