ETV Bharat / state

বিজেপিয়ে অসাংবিধানিকভাৱে আটক কৰিছে 'কা'ৰ প্ৰতিবাদকাৰীক - মহানগৰী আৰু তিনিচুকীয়া

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ । শনিবাৰে গুৱাহাটী মহানগৰী আৰু তিনিচুকীয়াত শতাধিক লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে ৰাজপথ ।

CAA protest at guwahati and tinisukia
বিজেপিয়ে অসাংবিধানিকভাৱে আটক কৰিছে 'কা'ৰ প্ৰতিবাদকাৰীক
author img

By

Published : Feb 1, 2020, 6:25 PM IST

নিউজ ডেক্স, 1 ফেব্ৰুৱাৰী : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনক লৈ অব্যহত আছে প্ৰতিবাদ ৷ শনিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এচ ইউ আইয়ে আইনখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত নিহত হোৱা যুৱক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভণি কৰে । নীৰজ কুণ্ডাৰ নেতৃত্বত এন এচ ইউ আইৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

গুৱাহাটীত এন এচ ইউ আইৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিবাদস্থলীৰ পৰা এন এচ ইউ আইৰ সৰ্বভাৰতীয় সভাপতি নীৰজ কুণ্ডাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবই লাগিব । বিজেপিয়ে অসাংবিধানিক ভাৱে আটক কৰি জেললৈ প্ৰেৰণ কৰা ব্যক্তি সকলক চৰকাৰে অতি শীঘ্ৰে মুকলি কৰি দিব লাগে বুলি এন এচ ইউ আইৰ সৰ্বভাৰতীয় সভাপতি নীৰজ কুণ্ডাই মন্তব্য কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত এন এচ ইউ আই কর্মী সকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে । নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে কংগ্ৰেছ দলে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে কংগ্ৰেছ কর্মী সকলে ।

তিনিচুকীয়াত শতাধিক লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ

আনহাতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠনে তিনিচুকীয়াৰ মাকুমত মানৱ শৃঙ্খল কাৰ্যসূচী ৰূপায়ণ কৰে । মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আইনখন বাতিলৰ দবীত মাকুম-ডিগবৈ পথত সাব্যস্ত কৰে প্ৰতিবাদ । অঞ্চলটোৰ প্ৰায় তিনি শতাধিক প্ৰতিবাদী ৰাইজ পথৰ কাষত থিয় হৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল কৰি তোলে পৰিৱেশ ৷ লগতে ছাত্ৰ সন্থাৰ নেতাই এই আইন কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

আৰু পঢ়ক : দেশব্যাপী বেংক ধৰ্মঘটঃ অসমতো বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

Intro:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো অব্যহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। শনিবাৰে মহানগৰীত এন এচ ইউ আইৰ শতাধিক কৰ্মীৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল কৰি তোলে ৰাজপথ।

Body:সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ অব্যহত থকাৰ মাজতে শনিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এচ ইউ আইয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত নিহত হোৱা যুৱক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এন এচ ইউ আইৰ সৰ্বভাৰতীয় সভাপতি নীৰজ কুণ্ডাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভণি কৰে। নীৰজ কুণ্ডাৰ নেতৃত্বত এন এচ ইউ আইৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীৰ পৰা এন এচ ইউ আই সৰ্বভাৰতীয় সভাপতি নীৰজ কুণ্ডাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবই লাগিব। এই আইনখনৰ বিৰোধিতা কৰা ব্যক্তি সকলক বিজেপিয়ে অসাংবিধানিক ভাবে আটক কাটি জেললৈ প্ৰেৰণ কৰিছে। চৰকাৰে অতি শীঘ্ৰে আটক কৰা ব্যক্তি সকলক মুকলি কৰি দিব লাগে বুলিও মন্তব্য কৰে এন এচ ইউ আইৰ সৰ্বভাৰতীয় সভাপতি নীৰজ কুণ্ডাই।

বাইট : নীৰজ কুণ্ডা, সৰ্বভাৰতীয় সভাপতি, এন এচ ইউ আই

Conclusion:নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত এন এচ ইউ আই কর্মী সকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাগৰাকী নেতাও অংশগ্ৰহণ কৰে। বিতর্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে কংগ্ৰেছ দলে প্ৰতিবাদ অব্যহত ৰাখিব বুলিও হুংকাৰ দিয়ে কংগ্ৰেছ কর্মী সকলে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.