শদিয়া, 26 মে': কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে দেশত অব্যাহত আছে লকডাউন ৷ লকডাউনৰ মাজতে নিস্বাৰ্থভাৱে নিৰন্তৰে ৰাইজৰ বাবে কাম কৰি গৈছে চিকিৎসাকৰ্মী, আৰক্ষী প্ৰশাসন, সংবাদকৰ্মীসকলৰ লগতে অন্যান্য জৰুৰীকালীন সেৱাত জড়িত হৈ থকা কৰ্মীসকলে ৷
সোমবাৰে ডুমডুমাৰ বিশিষ্ট ব্যৱসায়ী তথা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক অমিত গগৈয়ে অসম অৰুণাচল প্ৰদেশৰ সীমান্তত জৰুৰীকালীন সেৱাত জড়িতসকলৰ মাজত বিতৰণ কৰে দুপৰীয়াৰ আহাৰ ৷ লক ডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত লোকসকল নানা অসুবিধাৰ সন্মুখীন হৈছে ৷ শেহতীয়াকৈ নিজৰ ৰাজ্যলৈ উভতি আহিছে বহিঃৰাজ্যত থকা বহু অসমীয়া ৷ এই সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ পৰাও নিতৌ অসমলৈ আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ ৷ এইসকল লোকৰ বাবে অসম অৰুনাচল সীমান্তৰ ডিৰাক গেটত অসম আৰু অৰুনাচল প্ৰদেশ চৰকাৰে পৃথকে পৃথকে স্থাপন কৰিছে "স্ক্ৰীনিং চেন্টাৰ" ৷
কিন্তু অতি পৰিতাপৰ কথা যে, উক্ত স্ক্ৰীনিং চেন্টাৰত অৰুনাচল চৰকাৰৰ বিপৰীতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত দেখা গৈছে পুতৌজনক ছবি ৷ বিশেষ কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাকৈ নিজ কৰ্ম কৰি গৈছে অসম চৰকাৰৰ স্বাস্থ্য কৰ্মীৰ লগতে আৰক্ষীৰ লোকসকলে ৷ কিন্তু অসম চৰকাৰৰ বিপৰীতে অৰুনাচল প্ৰদেশ চৰকাৰে এই সন্দৰ্ভত যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাই প্ৰশংসনীয় ৷ অসমত প্ৰৱেশ কৰা লোকসকলক মাত্ৰ স্কেনিং কৰি, নামসমুহ লিপিৱদ্ধ কৰিয়েই দায়িত্ব সামৰিছে চিকিৎসা বিভাগ তথা প্ৰশাসনে ৷ কিন্তু ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশত সোমোৱাৰ লগে লগে গাড়ী ছেনিটাইজ কৰাৰ লগতে চিকিৎসাকৰ্মীসকলে সম্পূৰ্ণ বেৰিকেডৰ মাজেৰে বাকী চিকিৎসাৰ ব্যৱস্থা কৰি কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে ৷ এই দৃশ্যই এতিয়া হতাশ কৰিছে অসমলৈ অহা সচেতন যাত্ৰীসকলৰ লগতে সচেতন ৰাইজক ৷
লগতে পঢ়কঃ পুনৰ আৰম্ভ হল বিমানসেৱাঃ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ ভিৰ