ETV Bharat / state

বিজেপি বিধায়কৰ সমষ্টিত ঠেলাত ৰোগী নিয়া হয় চিকিৎসালয়লৈ

author img

By

Published : Jul 30, 2020, 12:07 PM IST

গড়কাপ্তানি বিভাগৰ অন্তর্গত বৰডুবি গান্ধীগাঁৱৰ পৰা বৰডুবি ফেক্টৰীলৈ থকা প্ৰায় ৫ কিল'মিটাৰ পথ পকীকৰণ হোৱা নাই বৰ্তমানেও ৷ ঠেলা অথবা সাঙীত তুলি ৰোগগ্ৰস্তক নিব লগীয়া হয় চিকিৎসালয়লৈ ৷ কাৰণ সেই অঞ্চললৈ নাযায় এম্বুলেঞ্চ ৷

Bordubi pathetic road condition
Bordubi pathetic road condition

শদিয়া, 30 জুলাই : ৰাজ্যৰ প্ৰতিটো চুকে-কোণে উন্নয়ন সাধিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ বিকশিত অসমৰ এখন দুখলগা ছবি ৷ দূৰ্বিসহ জীৱন কটাবলগীয়া হৈছে ডুমডুমা সমষ্টিৰ বৰডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডুবি চাহ বাগিছাৰ তিনি দলং লাইনৰ ৰাইজে ৷ ঠেলা অথবা সাঙীত তুলি ৰোগগ্ৰস্তক নিবলগীয়া হয় চিকিৎসালয়লৈ ৷ কাৰণ সেই অঞ্চললৈ নাযায় এম্বুলেঞ্চ ৷

Bordubi pathetic road condition
বিজেপি বিধায়কৰ সমষ্টিত ৰাইজৰ দুৰৱস্থা

গড়কাপ্তানি বিভাগৰ অন্তর্গত বৰডুবি গান্ধীগাঁৱৰ পৰা বৰডুবি ফেক্টৰীলৈ থকা প্ৰায় ৫ কিল'মিটাৰ পথ পকীকৰণ হোৱা নাই বৰ্তমানেও ৷ তাৰোপৰি এই পথত থকা ডুমডুমা আৰু বৰডুবি সংযোগী জৰাজীৰ্ণ বাঁহৰ মুখ্য দলংখন নিৰ্মাণ নোহোৱাৰ বাবে সমস্যাৰ মাজত চাহ শ্ৰমিক বা আদিবাসী সকলে জীৱন কটাবলগীয়া হৈছে ৷ কিছুদিন পূৰ্বে সেই দলঙৰ পৰা পৰি প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই ৷

বিজেপি বিধায়কৰ সমষ্টিত ঠেলাত ৰোগী নিয়া হয় চিকিৎসালয়লৈ

আটছাৰ অবিৰত আন্দোলনৰ পাচতো কিন্তু গা লৰা নাই চৰকাৰৰ ৷ সাংসদ প্ৰদান বৰুৱাকে ধৰি বিধায়ক, গাঁও পঞ্চায়তে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত দীৰ্ঘদিনধৰি এই সমস্যাৰ ভুক্তভোগী হৈ আছে চাহ শ্ৰমিক সকল ৷ বছৰ-বছৰ ধৰি ৰাইজৰ প্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ অংকত দলং নিৰ্মাণ আৰু ৰাস্তা পকীকৰণৰ প্ৰতিশ্ৰুতি দি যায় ৷ কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ফলাফল নোপোৱাত আটছাকে ধৰি সাধাৰণ ৰাইজে চৰকাৰৰ আৰু জন প্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে ৷

লগতে পঢ়ক : ৰাফেল আৰু আন আন ভাৰতীয় যুজাৰু বিমানসমূহৰ সংক্ষিপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.