ETV Bharat / state

ডাঙৰী নৈৰ বাঢ়নী পানীত উটি গ'ল তিনিজন লোক

author img

By

Published : Jun 26, 2020, 10:43 PM IST

তিনিচুকীয়াৰ ডাঙৰী নৈৰ কোবাল সোঁতে উটুৱাই নিলে 8 গৰাকীকৈ মাছমৰীয়াক ৷ ইতিমধ্য স্থনীয় লোকৰ তৎপৰতাত 5 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে যদিও, বৰ্তমানেও সন্ধানহীন হৈ আছে আন তিনিগৰাকী লোক ৷

boat accident in tinsukia
boat accident in tinsukia

তিনিচুকীয়া,26 জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তত সংহাৰী ৰূপ লৈছে বান পৰিস্থিতিয়ে ৷ ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও ৷ বানৰ তাণ্ডৱ ৰাজ্যখনত অব্যাহত থকাৰ মাজতেই তিনিচুকীয়াত ঘটিল এক দুৰ্ঘটনা ৷ জিলাখনৰ ডাঙৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে তিনি গৰাকীকৈ মাছমৰীয়াক ৷

উল্লেখ্য যে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত 8 গৰাকী লোকে মাছ মৰাৰ উদ্দেশ্যে গৈছিল ডাঙৰী নৈলৈ ৷ কিন্তু পানীৰ কোবাল সোঁতত লোককেইগৰাকীৰ নাও বুৰ যোৱাৰ লগতে উটুৱাই নিয়ে আটাইকেইগৰাকী লোকক ৷ 5 গৰাকী লোকক স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও, বৰ্তমানলৈ সন্ধানহীন হৈ আছে ৰকি ওৰাং(২৪),ৰাজকুমাৰ তাঁতী(৩০) আৰু লহৰ ওৰাং(৪৮) নামৰ আন তিনিগৰাকী লোক ৷

লগতে পঢ়কঃ যিকোনো মূহুৰ্তত জলমগ্ন হ'ব পাৰে অনিল নগৰ-নবীন নগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.