তিনিচুকীয়া,24 মাৰ্চঃ তিনিচুকীয়াত নির্বাচনী প্ৰচাৰৰ মাজতে বিজেপি নেতাৰ বিতৰ্কিত মন্তব্য । এতিয়া নিৰ্বাচনৰ বতৰ, অন্য জিলাৰ দৰে তিনিচুকীয়া ১২২ নং বিধানসভা সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ । বিজেপিৰ দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা সঞ্জয় কিষাণৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থকা ৰংগদুলাল দে নামৰ বিজেপি নেতা তথা শ্ৰীপুৰিয়া ১ নং ৱাৰ্ড কমিচনাৰৰ লগতে তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন উপ-পৰিদৰ্শকজনে বক্তব্য আগবঢ়াই যে,"মই বাংলাদেশৰ পৰা আহিছো, আমি সকলোৱে বাংলাদেশৰ পৰা খেদা খাই আহিছো, সেয়েহে বিজেপিক ভোট দিয়ক, বিজেপিয়ে আমাক ৰক্ষণাবেক্ষণ দিছে" বুলি এক বিতৰ্কিত মন্তব্য কৰা দেখা যায় ৷
ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি নেতাজনে দিয়া ভাষণত তিনিচুকীয়াত জন সাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সেই নিৰ্বাচনী প্ৰচাৰ সভাত দেখিবলৈ পোৱা গৈছিল প্ৰায় ডেৰ শতাধিক পুৰুষ-মহিলাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বহু বিষয়ববীয়া । এতিয়া প্ৰশ্ন উত্থাপন হৈছে জাতি-মাটি-ভেটি ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিলৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতাই এইদৰে ৰাজহুৱা নিৰ্বাচনী সভাত বিতৰ্কিত মন্তব্য আগবঢ়াই কি বুজাব খুজিছে । যিহেতু বিগত নিৰ্বাচনী ভাষণত স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীজনে প্ৰতিশ্ৰুতি দিছিল "১৬ মে’ৰ ভিতৰত অসমত যিমান বাংলাদেশী আছে, সকলোৱে টালি-টোপোলা বান্ধি পলাব লাগিব" ৷ কিন্তু সেই প্ৰতিশ্ৰুতি দেখিবলৈ পোৱা নগ’ল ।
লগতে পঢ়কঃ অখিলৰ সমৰ্থত শিৱসাগৰৰ ৰাজপথত সহস্ৰাধিক জনতা