নাহৰকটীয়া, ২৮ আগষ্ট : বৃহত্তৰ চাচনী মৌজাৰ একমাত্ৰ মহাবিদ্যালয় চাচনী কনিষ্ঠ মহাবিদ্যালয় পৰিদৰ্শন কৰি প্ৰাদেশিকীকৰণৰ আশ্বাস দিলে ৰাজ্যিক বিজেপিৰ সম্পাদক তৰংগ গগৈয়ে । অধ্যক্ষৰ আমন্ত্ৰণক্ৰমে মহাবিদ্যালয়খনত উপস্থিত হৈছিল ৰাজ্যিক বিজেপিৰ সম্পাদকগৰাকী ।

কৃষক তথা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা এই মহাবিদ্যালয়খনৰ প্ৰতি বৰ্ষৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ । কিন্তু ৰাজ্য চৰকাৰে কনিষ্ঠ মহাবিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ যি ঘোষণা কৰিছিল সেই তালিকাত এই পৰ্যন্ত অন্তৰ্ভুক্ত নহ'ল চাচনী কনিষ্ঠ মহাবিদ্যালয় ।

তৰংগ গগৈয়ে মহাবিদ্যালয়খন পৰিদৰ্শনৰ পিছতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি অতি শীঘ্ৰেই প্ৰাদেশিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হ'ব বুলি আশ্বাস প্ৰদান কৰে । ভৱিষ্যতে চাচনীৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে প্ৰয়োজনীয় চাচনী মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বাবেও আলোচনা কৰাৰ লগতে কনিষ্ঠ মহাবিদ্যালয়খনৰ কাষতে স্থান পৰিদৰ্শন কৰে ।

এইক্ষেত্ৰত যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে সম্পাদক গৰাকীয়ে ৷ উল্লেখ্য যে, চাচনী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে ২০১২ বৰ্ষত কলা শাখাত অসমৰ ভিতৰতে শীৰ্ষ ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷

আনহাতে, চাচনী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ লগতে এখন মহাবিদ্যালয়ৰ স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে দাবী জনাই আহিছে ৷
লগতে পঢ়ক : ছেপ্টেম্বৰত ঘোষণা হ'ব বিজেপিৰ 100 দিনীয়া কাৰ্যসূচী