ETV Bharat / state

Bihu dance in Guinness world record: তিনিচুকীয়াত বিহু নাচৰ প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে - গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

বিশ্ব অভিলেখ সৃষ্টিৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে দহ সহস্ৰাধিক বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিব বিহু নাচ ৷ সেই অভিলেখত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বিহুৱা-বিহুৱতীসকলৰ প্ৰশিক্ষণ (Bihu dance workshop) । গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ডিগবৈ সমষ্টিৰ নিৰ্বাচিত বিহুৱা-নাচনীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ।

bihu dance workshop across assam
বিহু প্ৰশিক্ষণ
author img

By

Published : Mar 28, 2023, 8:04 AM IST

বিহু প্ৰশিক্ষণ

তিনিচুকীয়া, ২৭ মাৰ্চ: গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিপিবদ্ধ কৰিবলৈ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক বিহুৱা- নাচনীয়ে একে স্থানত বিহু নাচ প্ৰদৰ্শন কৰিব । এই বিহু নৃত্যত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যেই তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা ১০০ গৰাকীকৈ অৰ্থাৎ পাঁচটা বিধানসভা সমষ্টিৰ পৰা সৰ্বমুঠ ৫০০ গৰাকী বিহুৱা- নাচনী নিৰ্বাচিত কৰি নাম পঞ্জীয়ন কৰা হৈছে (Bihu dance in Guinness world record)।

প্ৰতিটো সমষ্টিতে চাৰিগৰাকীকৈ প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ ট্ৰেইনাৰে নাম পঞ্জীয়ন কৰা বিহুৱা -নাচনীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব (Bihu dance workshop) । ৰাজ্যৰ আন আন জিলাৰ লগতে তিনিচুকীয়া জিলাতো তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়া সমষ্টিত নিৰ্বাচিত তথা নাম পঞ্জীয়ন কৰা ৫০০ গৰাকী বিহুৱা-নাচনীৰ প্ৰশিক্ষণ সোমবাৰৰ পৰা আৰম্ভ হৈছে । এই বিহুনাচৰ প্ৰশিক্ষণ কাৰ্যসূচী ৩১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব । তিনিচুকীয়া সমষ্টিত সোমবাৰৰ পৰা বৰদলৈ নগৰস্থিত এ.নিউ হাইস্কুলত আৰম্ভ হোৱা বিহুৱা-নাচনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত স্বপ্নীল পালে । জিলা উপায়ুক্ত গৰাকীয়ে প্ৰশিক্ষণস্থলীত উপস্থিত হৈ অংশগ্ৰহণকাৰীৰ বাবে উপলব্ধ যাৱতীয় সা- সুবিধা সমূহৰো বুজ লয় ।

bihu dance workshop across assam
বিহু প্ৰশিক্ষণ

একেদৰে শদিয়া সমষ্টিত আৱৰ্ত্ত ভৱনৰ সমীপত অৱস্থিত ৰাজহুৱা খেলপথাৰত বিহুৱা-নাচনীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতীয়ে । ডুমডুমা সমষ্টিত ৰূপাই চাইডিং সাহিত্য সভা ভৱনত অনুষ্ঠিত প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে ডুমডুমা পৌৰসভাৰ সভাপতি কান্তা ভট্টাচাৰ্যই । মাৰ্ঘেৰিটা সমষ্টিত ব্লক তিনিআলিৰ সমীপত মাৰ্ঘেৰিটা ৰংগমঞ্চত আয়োজিত প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা ৰাজহচক্ৰৰ চক্ৰ বিষয়া ৰুনাল নাথে ৷

আনহাতে অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ডিগবৈ সমষ্টিৰ গল্ডেন জুবলী কমপ্লেক্সত সোমবাৰৰ পৰা আৰম্ভ হোৱা বিহুৱা-নাচনীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে । উদ্বোধন কৰাৰ পাছতে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিহুৰ প্ৰশিক্ষণ পৰিদৰ্শন কৰাৰ সমান্তৰালভাৱে উপস্থিত বিধায়ক সুৰেণ ফুকন আৰু বিষয়াসকলৰ পৰা সুবিধা অসুবিধাৰ সন্দৰ্ভতো বুজ লয় আৰু এইসকল বিহুৱা-নাচনীয়ে যাতে একো অসুবিধা নাপায় তাৰ প্ৰতিও গুৰুত্ব দিবলৈ আহ্বান জনায় (Bihu dance workshop across Assam) ৷

লগতে পঢ়ক : Preparation for Rangali bihu: নাচনীৰ মন বলিয়া কৰিবলৈ বাইহাটাৰ জয়ন্তই এইবাৰো সাজিছে ম’হৰ শিঙৰ পেঁপা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.