ETV Bharat / state

ফিল'বাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ

author img

By

Published : Apr 9, 2021, 4:10 PM IST

ফিল'বাৰী চাহ বাগিচাত লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ কৰে স্থানীয় ৰাইজে । ডুমডুমাস্থিত বনাঞ্চলিক বিষয়াক গতাই দিয়া হয় লাজুকী বান্দৰটো ৷

ফিল'বাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ
ফিল'বাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ

ফুলবাৰী, 9 এপ্ৰিল: শুকুৰবাৰে ৰাতিপুৱা তিনিচুকীয়া জিলাৰ ফিল'বাৰীস্থিত ফিল'বাৰী চাহ বাগিচাত লাজুকী বান্দৰ উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ বাগিছাখনৰ ৩ নং লাইনৰ ওচৰত ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ মাটিত পৰে বান্দৰটো ৷ ফিল'বাৰী চাহ বাগিচাৰ ৩ নং লাইনৰ ব্যৱসায়ী জহান তিৰ্কীৰ নেতৃত্বত ৰাইজে পুৱাৰ ভাগত উদ্ধাৰ কৰা দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালীটোক প্ৰাথমিক চিকিৎসা কৰি বন বিভাগক চমজাই দিয়ে ৷

উল্লেখযোগ্য যে, কম বয়সীয়া এই বান্দৰটোৱে মূৰত যথেষ্ট আঘাত পাইছে ৷ ইতিমধ্যে ডুমডুমাস্থিত বনাঞ্চলিক বিষয়া ৰিংকুমণি বৰাই উদ্ধাৰ হোৱা লাজুকী বান্দৰটোৰ যাবতীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : দেশবাসীক বিপদত পেলাই ভেকচিন ৰপ্তানি কৰাতো উচিত নেকি : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.