তিনিচুকীয়া,16 ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ জিলাখনৰ বজৰং দলে দিল্লী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত দাহ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিমূৰ্তি ৷
উল্লেখ্য যে, বিগত ১০ ফেব্ৰুৱাৰীত দিল্লীত বজৰং দলৰ সদস্য ৰিংকু শৰ্মাক পাকিস্তানী জেহাদী লগাই হত্যা কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ৷ সেই অভিযোগৰ ভিত্তিতেই দলটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত অৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে প্ৰতিবাদকাৰীসকলক ৷ কিন্তু এই প্ৰতিবাদস্থলীত অসম আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজতো সৃষ্টি হয় হতাহতি ৷ উক্ত প্ৰতিবাদস্থলীৰ পৰাই দিল্লীৰ চৰকাৰ আৰু ভাৰত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে তিনিচুকীয়া জিলাৰ বজৰং দলৰ প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃ চিৰাঙত মহিলা আৱাসগৃহৰ আধাৰশিলা স্থাপন