ETV Bharat / state

বাঘজানৰ সৰ্বস্বান্ত সকলৰ বিননি শুনিবনে অইলৰ শীৰ্ষ বিষয়াসকলে ?

জুইৰ লেলিহান শিখাই নিমিষতে শেষ কৰিলে 50 টা পৰিয়ালৰ বাসগৃহ,সা সম্পত্তি ৷ লেলিহান শিখাই বিধ্বস্ত কৰা অঞ্চলটোৰ লোকৰ কান্দোনে অইলৰ শীৰ্ষ বিষয়াসকলৰ হৃদয় গলাব পাৰিবনে ? জ্বলি ছাই হোৱা সপোনৰ ঘৰকেইখনলৈ আকৌ হাঁহি ঘূৰি আহিবনে ?

baghjan fire devastated 50 family's home
পুৰি ছাই হৈ গ'ল 50 টা পৰিয়ালৰ বাসগৃহ, সা সম্পত্তি
author img

By

Published : Jun 11, 2020, 9:41 PM IST

তিনিচুকীয়া, 11 জুনঃ জুইৰ লেলিহান শিখাই নিমিষতে শেষ কৰিলে বহু পৰিয়ালৰ সপোনৰ ঘৰখন ৷ অকালতে প্ৰাণ হেৰুৱালে দুগৰাকীকৈ সুদক্ষ লোকে ৷ বাঘজান তৈলখাদৰ অগ্নিকুণ্ডই নিমিষতে ছাৰখাৰ কৰিছিল এটা চুবুৰী ৷ পুৰি ছাই হৈ গ'ল 50 টা পৰিয়ালৰ বাসগৃহ,সা সম্পত্তি ৷ জুইত জাহ গৈছিল তেওঁলোকৰ কষ্টোপাৰ্জিত সম্পদকে ধৰি পোহনীয়া জীৱ-জন্তুও৷ এতিয়া আশ্ৰয় শিবিৰতে সকলো হেৰুৱাই উচুপি থাকিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালকেইটাই ৷

পুৰি ছাই হৈ গ'ল 50 টা পৰিয়ালৰ বাসগৃহ, সা সম্পত্তি

ইফালে 7 শহস্ৰাধিক লোকক অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বেই ৰখা হৈছিল 12 টাকৈ আশ্ৰয় শিবিৰত ৷ বুধবাৰে মাজনিশা আন এটা আশ্ৰয় শিবিৰ স্থাপন কৰি তালৈ স্থানান্তৰ কৰোৱা হৈছিল আন 4 শতাধিক পৰিয়ালক ৷ বৃহস্পতিবাৰে এই আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ বাবে অইলক জগৰীয়া কৰে ছাত্ৰনেতা দুগৰাকীয়ে ৷ দুয়োগৰাকী ছাত্ৰনেতাই সম্প্ৰতি সকীয়নি প্ৰদান কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষক ৷ কিয়নো ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সংগঠন কেইটাই জৈৱ বৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থত মাগুৰি মতাপুং বিলৰ ওপৰেৰে পাইপ নিবলৈ কৰ্তৃপক্ষক নিষেধাজ্ঞা প্ৰদান কৰিছিল ৷ কিন্তু চৰকাৰেও নুশুনিলে তেওঁলোকৰ বাধা ৷

এতিয়া প্ৰশ্ন হয় জুইৰ লেলিহান শিখাই বিধ্বস্ত কৰা অঞ্চলটোৰ লোকৰ কান্দোনে অইলৰ শীৰ্ষ বিষয়াসকলৰ হৃদয় গলাব পাৰিবনে ? জ্বলি ছাই হোৱা সপোনৰ ঘৰকেইখনলৈ আকৌ হাঁহি ঘূৰি আহিবনে ?

লগতে পঢ়কঃ ক্ষতিপূৰণৰ ব্যৱস্থা বাঘজানৰ ভুক্তভোগীলৈ:সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.