ETV Bharat / state

অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট - teacher union

চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ পুনৰ নিৰ্মাণ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক এককালীন বিত্তীয় অনুদান দিয়াৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷

bagan teachers protest
অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 31, 2020, 7:01 AM IST

Updated : Dec 31, 2020, 7:17 AM IST

তিনিচুকীয়া, 31 ডিচেম্বৰ: বুধবাৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনী কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জৰাজীৰ্ণ আৰু বিপদ সংকুল অৱস্থাত থকা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা তথা বিদ্যালয়সমূহৰ আন্ত:গাঁথনি উন্নত কৰা,বাগিচাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক এককালীন বিত্তীয় অনুদান দিয়াৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট

তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ যোগেদি মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি ২১ৰ নিৰ্বাচনৰ পূৰ্বে দাবী সমূহ পূৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকিয়াই দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি মন্টু ৰবিদাস আৰু সম্পাদক কিচন মুণ্ডাৰ উপস্থিত থাকে।

লগতে পঢ়ক: অবৈধ কয়লা খননৰ বিৰুদ্ধে তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Last Updated : Dec 31, 2020, 7:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.