ETV Bharat / state

সদৌ তাই আহোম ছাত্ৰ সন্থাক প্ৰতাৰণা কৰাৰ দাবীত সংবাদমেল - press meet

বিজেপি চৰকাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাক বাৰে-বাৰে প্ৰতাৰণা কৰাৰ বাবে এই সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে । 6টা গুৰুত্বপূৰ্ণ দাবী জনায় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সদস্য সকলে 2 তাৰিখে ডুমডুমাত, 24 তাৰিখে মাৰ্ঘেৰিটাত আৰু 26 তাৰিখে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে সংগঠনটোৱে ৷

সদৌ তাই আহোম ছাত্ৰ সন্থাক প্ৰতাৰণা কৰাৰ দাবীত সংবাদমেল

author img

By

Published : Feb 10, 2021, 2:30 PM IST

তিনিচুকীয়া,10ফেব্ৰুৱাৰী: অসমৰ বৃহত্তৰ জনগোষ্ঠী তাই আহোম সকলৰ অন্যতম শক্তিশালী সংগঠন সদৌ তাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আজি তিনিচুকীয়াৰ হোটেল ময়ুৰজ্যোতিত এখন সংবাদমেল আয়োজন কৰে ৷ তাই আহোম সকলক চৰকাৰে কৰি অহা প্ৰতাৰণা প্ৰৱঞ্চনাৰ বিৰুদ্ধে এই সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে । সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি, তিনিটা বিশেষ স্থানত তিনি দিনত কাৰ্যসূচী ল'ব সংগঠনটোয়ে । 22 তাৰিখে ডুমডুমাত, 24 তাৰিখে মাৰ্ঘেৰিটাত আৰু 26 তাৰিখে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱাৰ কথা প্ৰকাশ কৰে সাংবাদমেলত । অসমৰ তাই আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা, পৰিৱেশ প্ৰভাৰ মূল্যায়ন আইন (EIA) শীঘ্ৰেই বাতিল কৰা, নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা, অখিল গগৈক শীঘ্ৰেই মুক্তি দিয়া, অসমৰ কৃতিচিহ্ন সমূহ বিজ্ঞান সন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে অসমৰ নিৱনুৱা সমস্যাবোৰ চৰকাৰী আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি নিৱনুৱা সমস্যা সমাধান কৰা আদি বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰ লৈ আজি সংবাদমেল সম্বোধন কৰা হয় ।

সদৌ তাই আহোম ছাত্ৰ সন্থাক প্ৰতাৰণা কৰাৰ দাবীত সংবাদমেল

অন্য এক খবৰৰ বাবে: চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা: আহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.