ETV Bharat / state

Cuentos De La Abuela: স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

author img

By

Published : Nov 2, 2022, 7:15 PM IST

ইতিমধ্যে ইংৰাজী ভাষাত উপলব্ধ হোৱাৰ পাচত এইবাৰ স্পেনিছ ভাষাত উপলব্ধ হ’ল বুঢ়ী আইৰ সাধু ৷ বুঢ়ী আইৰ সাধুক স্পেনিছ ভাষালৈ অনুবাদ কৰিছে অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ যুৱক তন্ময় সোণোৱালে (Burhi Aair Sadhu published in Spanish language) ৷ স্পেনিছ ভাষাত কিতাপখনৰ নাম হৈছে Cuentos De La Abuela অৰ্থাৎ আইতাকৰ কাহিনী ৷

Cuentos De La Abuela
Cuentos De La Abuela

নিউজ ডেস্ক, 2 নৱেম্বৰ: বুঢ়ী আইৰ সাধু, অসমীয়াৰ বাবে অতি পৰিচিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই অমৰ সৃষ্টি (Burhi Aair Sadhu) ৷ মূলতঃ শিশুৰ বাবে ৰসৰাজে ৰচনা কৰা এই গ্ৰন্থখনে কিন্তু শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আমোদ যোগায় ৷ বৰ্তমান সময়ত কাৰ্টুন সমূহ শিশুৰ যেনেকৈ অতি প্ৰিয়, তেনেকৈ এই বুঢ়ী আইৰ সাধুত থকা সাধু সমুহো কিন্তু অতিকৈ ৰসাল (Assamese famous story book Burhi Aair Sadhu) ৷ ইতিমধ্যে ইংৰাজী ভাষাত উপলব্ধ হোৱাৰ পাচত এইবাৰ স্পেনিছ ভাষাত উপলব্ধ হ’ল বুঢ়ী আইৰ সাধু ৷

স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

বুঢ়ী আইৰ সাধুক স্পেনিছ ভাষালৈ অনুবাদ কৰিছে অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই চাইডিং বিষ্ণু নগৰৰ যুৱক তন্ময় সোণোৱালে (Burhi Aair Sadhu published in Spanish language) ৷ অসম সন্তান তন্ময় সোণোৱালৰ প্ৰশংসনীয় প্ৰচেষ্টাত এতিয়া বিদেশতো সমাদৃত হৈছে ৰসৰাজৰ অমৰ সৃষ্টি ৷ ইতিমধ্যে ইন্টাৰনেট, অনলাইন শ্বপিং এপ তথা দেশ-বিদেশৰ বিভিন্ন কিতাপৰ বিপনীত উপলব্ধ হৈছে স্পেনিছ ভাষাৰ বুঢ়ী আইৰ সাধু ৷

প্ৰায় দুবছৰীয়া আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত এইদৰে স্পেনিছ ভাষাত বুঢ়ী আইৰ সাধু মুকলি কৰি দিবলৈ সক্ষম হৈছে তন্ময় (Tanmoy Sonowal Translated Burhi Aair Sadhu to Spanish) ৷ স্পেনিছ ভাষাত কিতাপখনৰ নাম হৈছে Cuentos De La Abuela অৰ্থাৎ আইতাকৰ কাহিনী ৷

1994 চনত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই চাইডিঙত জন্মগ্ৰহণ কৰা তন্ময়ে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বৈদেশিক ভাষা-সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ তেতিয়াই আন কেইবাটাও ভাষাৰ লগতে স্পেনিছ ভাষাটোও নিজৰ আয়ত্বলৈ আনে তন্ময়ে ৷ 2020 চনত বিশ্বৰ তৃতীয় বহুল প্ৰচলিত স্পেনিছ ভাষালৈ বুঢ়ী আইৰ সাধু অনুবাদৰ কাম তেওঁ আৰম্ভ কৰিছিল ৷

স্পেনিছ ভাষালৈ অনুবাদ কৰা বুঢ়ী আইৰ সাধুৰ বেটুপাত অংকন কৰিছে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজ সোণোৱালে (Front cover of Burhi Aair Sadhu) ৷ অসমীয়া সাহিত্যক বিশ্বত প্ৰতিষ্ঠা কৰাৰ মানসেৰেই এই অনুবাদ কৰা বুলি জনাইছে তন্ময় সোণোৱালে ৷ উদীয়মান লেখক গৰাকীয়ে আৰু জানিবলৈ দিয়া মতে আগন্তুক ক'লকাতা আন্তৰ্জাতিক গ্ৰন্থমেলাতো উপলব্ধ হ'ব স্পেনিছ ভাষাৰ বুঢ়ী আইৰ সাধু ৷

ব্লু ৰ'জ ওৱান পাব্লিকেছনছে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন ইতিমধ্যে উপলব্ধ হৈছে অনলাইনতো ৷ কিতাপ খনৰ দাম ভাৰতীয় মূল্যত 450 টকা ধাৰ্য কৰা হৈছে ৷ তন্ময় সোণোৱালৰ এই প্ৰচেষ্টাক শলাগ লৈছে বিভিন্নজনে ৷ তন্ময়ৰ দৰে যুৱকৰ এই প্ৰচেষ্টাৰ বাবেই আজি বিদেশৰ মানুহেও সোৱাদ ল’ব পাৰিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই অমৰ সৃষ্টিৰ ৷

লগতে পঢ়ক: Birthday of Aishwarya Kakati: প্ৰবীন নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.