তিনিচুকীয়া,4নৱেম্বৰ: অসমৰ বিভিন্ন জলন্ত সমস্যা সমূহকলৈ বুধবাৰে অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰে সমস্যা সমূহৰ তাৎক্ষণিক সমাধান নকৰিলে এই প্ৰতিবাদ অসম জুৰি কৰা হ'ব বুলি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বাবু শইকীয়াই হুংকাৰ দিয়ে ।

প্ৰতিবাদকাৰী সকলে অখিল গগৈক শীঘ্ৰে মুক্তি দিয়ক, অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, IPL জুৱাৰ পৰা সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাক মুক্ত কৰা আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
অন্য এক খবৰৰ বাবে: নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কি কৰিছে শুকুৰ আলীয়ে !