ETV Bharat / state

107 খন পতাকা উত্তোলেনেৰে লিডুত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন - 107 সংখ্যক প্ৰতিষ্ঠা দিৱস

Assam Sahitya Sabha : লিডু বজাৰ হাইস্কুল খেলপথাৰত 107 খন পতাকা উত্তোলনেৰে সাত দিনীয়াকৈ অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

Assam Sahitya Sabha
107 খন পতাকা উত্তোলেনেৰে লিডুত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:55 AM IST

107 খন পতাকা উত্তোলেনেৰে লিডুত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া, 28 ডিচেম্বৰ : তিনিচুকীয়াৰ লিডু বজাৰ হাইস্কুল খেলপথাৰত সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বুধবাৰে অসম সাহিত্য সভাৰ 107 খন পতাকা উত্তোলন কৰা হয় । অনুষ্ঠানটোৰ মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই ।

অন্য পতাকাসমূহ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা আৰু শাখাসমূহৰ সভাপতি আৰু স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে । স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ উপ সভাপতি ড৹ গিৰীশ সন্দিকৈয়ে । বন্তি প্রজ্বলন কৰে ড৹ ৰঞ্জিত দত্তই আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি উদ্বোধন কৰে অৰুণাচল প্রদেশৰ নিছি ইলাইট ছচাইটিৰ প্রধান সচীব হেৰী মাৰিঙে।

সচিব গৰাকীয়ে নিছিসকলৰ জীৱন আৰু সংস্কৃতিৰ বিস্তৃত বিৱৰণ দি কয় যে অৰুণাচলত 4.5 লাখ নিছিলোকে বাস কৰে ৷ অসমীয়া আৰু অৰুণাচলৰ নিছিসকলৰ সংস্কৃতিৰ মাজত বহু সাদৃশ্য আছে ।

অসমক জ্যেষ্ঠ ভাতৃ বুলি অভিহিত কৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগত সমন্বয় আৰু সম্প্রীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ আহ্বান জনাই লিডু শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত দত্তই আদৰণি ভাষণ দিয়ে ৷ মুকলি সভাত পৌৰাহিত্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই। বিশিষ্ট ভাষাবিদ, গৱেষক, সাহিত্যিক ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ভীমকান্ত বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে ৷ তেওঁ নিজৰ ভাষণত কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহ ৰাজনৈতিকভাবেহে বিভাজিত কিন্তু সাংস্কৃতিকভাৱে আজিও অবিভাজিত । ভাষা আৰু সংস্কৃতিৰ কোনো সীমা নাই ৷ অসমীয়া ভাষা চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডতো প্রচলিত হয় ।

এই অনুষ্ঠানত মনোজলাল গগৈৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত উপন্যাস "ভাৰ্ছিটী-জীৱনৰ এছোৱা জীৱন" উন্মোচন কৰে ৷ গগৈয়ে নিজ ভাষণত আগন্তুক লোকপিয়লত অসমৰ প্রতিটো জনগোষ্ঠী-জনজাতিক অসমীয়া ভাষা মাতৃভাষা বুলি উল্লেখ কৰিবলৈ আহ্বান জনায় ।

প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্রকাশ কৰা স্মৃতিগ্রন্থ উন্মোচন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড৹ ৰমেন হাজৰিকাই । মুকলি সভাত অসম সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া, প্রতিটো আঞ্চলিক কাৰ্যালয়ৰ প্রতিনিধি, বিভিন্ন জিলা সাহিত্য সভাৰ সভাপতিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: অসম আৰক্ষীক ইমান নিষ্প্ৰভ ৰূপত কোনেও চাব নিবিচাৰে : আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.