গোলাঘাট,28 এপ্ৰিলঃ গোলাঘাটত আৰক্ষী,স্বাস্থ্যকৰ্মী আৰু সংবাদিকক সম্বৰ্ধনা প্ৰদান কৰে বিজেপিৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি দেৱজিৎ বৰাই ৷ গোলাঘাট আৰক্ষী অধীক্ষক কাৰ্যালয়ত অধীক্ষক গৰাকীৰ লগতে কেইবাজনো আৰক্ষী বিষয়াক সম্বৰ্ধনা জনোৱাৰ পিছত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীক সম্বৰ্ধনা জনায় বৰাই ৷ ইয়াৰ পিছতে গোলাঘাট জিলা সাংবাদিক সংস্থা কাৰ্যালয়ত গামোচা আৰু মাস্ক প্ৰদান কৰি সাংবাদিক সকলক সম্বৰ্ধনা জনায় সভাপতি গৰাকীয়ে ৷
লক ডাউন 2.0ঃ অসমত ত্ৰয়োদশটো দিনৰ ঘটনা পৰিঘটনা - Assam lock down
DOOMDOMA RUPAI SAIDING RELIEF DISTRIBUTION
20:17 April 28
গোলাঘাটত আৰক্ষী,স্বাস্থ্যকৰ্মী আৰু সংবাদিকক সম্বৰ্ধনা বিজেপিৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি দেৱজিৎ বৰাৰ
20:08 April 28
কলিয়াবৰৰ সমাজকৰ্মী আৰু প্ৰকৃতিপ্ৰেমীৰ মাস্ক বিতৰণ আৰু ছেনিটাইজ্যেশ্বন
কলিয়াবৰ, 28 এপ্ৰিলঃ ব্যক্তিগত প্ৰচেষ্টাৰে ছেনিটাইজেশ্যনৰ লগতে মাস্ক আৰু হাত মোজা বিতৰণ কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ ৷ কলিয়াবৰৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী আৰু সাংবাদিকৰ মাজত মাস্ক বিতৰণ কৰে আৰণ্যকে ৷ ইয়াৰ সমান্তৰালকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 6 হাজাৰ লোকক সাহাৰ্য প্ৰদান কৰে সমাজকৰ্মী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে ৷ মঙলবাৰে দহজনীয়া এটা গোটক লগত লৈ কলিয়াবৰৰ চৰকাৰী কাৰ্যালয়,ষ্টেট বেংকৰ কলিয়াবৰ শাখাত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে সমাজকৰ্মী গৰাকীয়ে ৷
20:08 April 28
মধ্যমখণ্ড ঘাটত মাছমৰীয়াৰ ভিৰ
কামৰূপ,28 এপ্ৰিলঃ লক ডাউনে কোঙা কৰিছে ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণক ৷ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ অসমৰ্থ বহু লোকে প্ৰকৃতিৰ ওপৰত একপ্ৰকাৰ নিৰ্ভৰশীল হৈ পৰিছে ৷ মধ্যমখণ্ড ঘাটতো মাছ মাৰিবৰ বাবে জাল লৈ ওলাই আহিছে বহু লোক ৷ লক ডাউন উলংঘা কৰিও উত্তৰ গুৱাহাটীৰ এই সকল দুখীয়া লোকে জীয়াই থকাৰ বাবে কৰি গৈছে জীৱন সংগ্ৰাম ৷
19:23 April 28
এপ্ৰিল মাহৰ সম্পূৰ্ণ মাচুল ৰেহাই ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ
ৰহা,28 এপ্ৰিলঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সহাৰি ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ ৷ বিদ্যালয় পৰিচালনা সমিতিয় গ্ৰহণ কৰিলে এশ শতাংশ মাচুল ৰেহাইৰ সিদ্ধান্ত। এপ্ৰিল মাহৰ সম্পূৰ্ণ মাচুল ৰেহাই দিয়াৰ ঘোষণা বিদ্যালয় কৰ্তৃপক্ষৰ।
19:22 April 28
বৰলুইত গ্ৰাম্য বজাৰৰ জৰিয়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰী
শিৱসাগৰ,28 এপ্ৰিলঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চৰাইদেউ জিলাৰ তত্বাৱধানত আৰু সোণাৰী খণ্ডৰ সহযোগত সোমবাৰে সোণাৰীত মুকলি কৰা হয় বৰলুইত গ্ৰাম্য বজাৰ। জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোট সমূহে উৎপাদন কৰা জৈৱিক পদ্ধতিৰ পাচলি,দৈনিক প্ৰয়োজনীয় সামগ্ৰী, মাছ,মাস্ক আদি বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে মুকলি কৰা হৈছে বৰলুইত গ্ৰাম্য বজাৰৰ জৰিয়তে । উল্লেখ্য যে,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত চৰাইদেউ জিলাত প্ৰায় ২১ টা আত্মসহায়ক গোটত প্ৰায় ২৭০০ হিতাধিকাৰী আছে । মহিলা হিতাধিকাৰী সকলে ঘৰত উৎপাদন কৰা শাক পাচলি কণী,মাছ আদি বিভিন্ন সামগ্ৰী বৰলুইত বিপণীৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।
19:22 April 28
মৰিগাঁৱত মাছ মাৰি লক ডাউন উপভোগ শিক্ষকৰ
মৰিগাঁও,28 এপ্ৰিলঃ একাংশ মৎস্যজীৱিৰ দৌৰাত্ম্যত ৰাজ্যৰ বিল,জলাশয় সমূহত থলুৱা প্ৰজাতিৰ মাছ বিলুপ্তি হোৱাৰ সময়তে মৰিগাঁৱৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ নিজৰ ঘৰৰ পুখুৰীতে বছৰ বছৰ ধৰি থলুৱা প্ৰজাতিৰ মাছৰ বংশ বৃদ্ধিৰ বাবে সংৰক্ষণ কৰি আহিছে শিক্ষক দেৱেন দাসে ৷ লক ডাউনৰ সময় ছোৱাত পুখুৰীটোতে বৰশী বাই মাছ ধৰাৰ লগতে অঞ্চলটোৰ একাংশ বৰশী বোৱা বন্ধুক আমন্ত্ৰণ জনাই সামাজিক দুৰত্বৰে পাৰ কৰিছে সময়।
18:11 April 28
বাক্সাত জৰুৰীকালীন সেৱাত নিয়োজিত লোকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ
বৰমা,28 এপ্ৰিলঃ বাক্সাত জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষী প্ৰশাসন,চিকিৎসা কৰ্মী,সাংবাদিকৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে বাৰ্তাপখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই ৷ অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিশেষ সহযোগত মঙলবাৰে বাক্সা জিলা উপায়ুক্ত,বাক্সা জিলা আৰক্ষী অধিক্ষক,মুছলপুৰ আৰক্ষী থানাৰ আৰক্ষী,বাক্সা প্ৰেছ ক্লাৱৰ সাংবাদিক সকল,মুছলপুৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ চিকিৎসক,নাৰ্চ আৰু অন্যান্য চিকিৎসাকৰ্মী,প্ৰশাসনীয় বিষয়াসকলক একোখনকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ব্ৰজেন্দ্ৰ নাথ ডেকাই ৷
18:10 April 28
মন্ত্ৰী পৰিমল শুক্লবৈদ্যক 20 হাজাৰ তিনিতৰপীয়া মাস্ক প্ৰদান পাৰ্নদ ৰিৰ্চাদ ইণ্ডিয়া ফাউণ্ডেচনৰ
গুৱাহাটী,28 এপ্ৰিলঃ অসম চৰকাৰৰ বন তথা আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত 20 হাজাৰ তিনিতৰপীয়া মাস্ক প্ৰদান কৰে পাৰ্নদ ৰিৰ্চাদ ইণ্ডিয়া ফাউণ্ডেচন নামৰ এক সংস্থাই ৷ সংস্থাটোৱে প্ৰদান কৰা মাস্ক সমূহ প্ৰত্যেক জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে মন্ত্ৰী গৰাকীয়ে ৷
18:10 April 28
দৰঙত স্বেচ্ছাসেৱী সংগঠন দাষ্টাৰৰ ব্যতিক্ৰমী পদক্ষেপ
দৰং,28 এপ্ৰিলঃ দৰঙত দাষ্টাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ ৷ প্ৰাক্তন আলফা সদস্য সকলৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী সংগঠনটোৱে প্ৰস্তুত কৰি উলিয়াইছে মাস্ক ৷ স্বেচ্ছাসেৱী সংগঠনটোক সেনাই যোগান ধৰিছে চিলাই মেশ্বিনৰ লগতে মাস্ক প্ৰস্তুত কৰাৰ বাবে বগা কাপোৰ ৷ এই পৰ্যন্ত প্ৰায় 10,000 মাস্ক প্ৰস্তুত কৰি উলিয়াইছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷
17:21 April 28
লক ডাউনৰ মাজতে কোকৰাঝাৰৰ কূৰ্শাকাটীত বিনামূলীয়া শিক্ষা শিবিৰ
কোকৰাঝাৰ,28 এপ্ৰিলঃ লক ডাউনৰ মাজতে কোকৰাঝাৰৰ কূৰ্শাকাটীত বিনামূলীয়া শিক্ষা শিবিৰ ৷ কোচৰাজবংশী ফল্ক ট্ৰীপৰ উদ্যোগত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্র-ছাত্ৰীক নিজ ঘৰৰ চোতালতেই পাঠদানৰ ব্যৱস্থা কৰি আহিছে পাঁচ শিক্ষিত যুৱকে ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি সামাজিক দুৰত্ব বজাই ৰাখি ছাত্ৰ-ছাত্ৰী সকলক মাস্ক পৰিধান কৰাৰ উপৰিও ছেনিটাইজাৰ ব্যৱহাৰ কৰি শিক্ষা প্ৰদান কৰি আহিছে যুৱককেইজনে ৷
17:20 April 28
মৰিয়নিত চৰকাৰী সাহাৰ্য প্ৰদানৰ নামত অনিয়মৰ অভিযোগ
মৰিয়নী,28 এপ্ৰিলঃ মৰিয়নীত চৰকাৰী সাহাৰ্য প্ৰদানৰ নামত অনিয়মৰ অভিযোগ ৷ মৰিয়নী ৬২নং মুলাগাভৰু গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ নামত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা 1000 টকীয়া সাহাৰ্যৰ ধন আত্মসাৎৰ অভিযোগ পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে ৷
16:55 April 28
ডুমডুমাৰ ৰূপাই চাইডিঙত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ
ডুমডুমা,28 এপ্ৰিলঃ ডুমডুমাৰ ৰূপাই চাইডিঙত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে ডুমডুমাৰ ৰূপাই সন্মিলিত সমাজে ৷ অঞ্চটোৰ প্ৰায় তিনিশটা দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে ডুমডুমাৰ ৰূপাই সন্মিলিত সমাজৰ সদস্য সকলে ৷ সোমবাৰৰ এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ লগতে যুৱ-ছাত্ৰ পৰিষদ,মৰাণ ছাত্ৰ সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া ৷