ETV Bharat / state

কাজিৰঙাত হ’ব টাটাৰ তাজ হোটেল; কেবিনেটে আৰু কি সিদ্ধান্ত ল’লে ?

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:20 PM IST

কাজিৰঙাত টাটাই নিৰ্মাণ কৰিব তাজ হোটেল, ৰেডিশ্বনৰো গুৱাহাটীত হ’ব নতুন হোটেল ৷ মেডিকেল-অভিযান্ত্ৰিক কলেজত কাৰ বাবে 5 শতাংশ সংৰক্ষিত ?

cabinet meeting tinsukia
তিনিচুকীয়াত অসম চৰকাৰৰ কেবিনেট বৈঠক

তিনিচুকীয়া, 1 ডিচেম্বৰ : ৰাজধানী দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিতৰ ধাৰা অব্যাহত ৰাখি শুকুৰবাবে তিনিচুকীয়াত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ দিনৰ 1 বজাৰ পৰা তিনিচুকীয়াৰ কনভেনচন চেন্টাৰত অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ বৈঠকৰ সামৰণি পৰে আবেলি ৫ বজাত ।

উক্ত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । তাৰে ভিতৰত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু মেডিকেল কলেজসমূহত চৰকাৰী বিদ্যালয়ত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত হ’ল অন্যতম ৷ ইয়াৰোপৰি কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড ৷

কৰ্পৰেট সামাজিক দায়বদ্ধতা কৰ্তৃপক্ষ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেট বৈঠকত ৷ তদুপৰি টাটাক কাজিৰঙাত তাজ হোটেল নিৰ্মাণৰ বাবে অনুমোদন দিয়ে আজিৰ কেবিনেটে ৷ ইফালে গুৱাহাটীত ৰেডিশ্বনৰ নতুন হোটেল প্ৰতিষ্ঠাতো আজিৰ কেবিনেটে অনুমোদন জনায় ৷ ইয়াৰোপৰি বঙাইগাঁৱত ভাগ্যশ্ৰী উদ্যোগ নামৰ এটা উদ্যোগে বাঁহৰ ক্ৰেছ বেৰিয়াৰ নিৰ্মাণৰ প্ৰস্তাৱক অনুমোদন জনায় তিনিচুকীয়াত অনুষ্ঠিত কেবিনেট বৈঠকত ৷

  • We have further decided to

    ✅ Expand the ambit of the free food grains to include government employees earning upto ₹4 lakh per annum

    ✅ Land for 4,444 landless indigenous families

    ✅ Nearly ₹100 cr of welfare projects in various parts of Dibrugarh Lok Sabha

    2/2 pic.twitter.com/5sfsDv7hLi

    — Himanta Biswa Sarma (@himantabiswa) December 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰোপৰি কেবিনেটৰ সিদ্ধান্ত অনুসৰি তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত নিৰ্মাণ কৰা হ'ব এটা অত্যাধুনিক পাৰ্কিং প্লেচ, তিনিচুকীয়াৰ বাইপাছৰ সমীপত নিৰ্মাণ কৰা হ'ব ISBT ৰ লগতে এটা ট্ৰাক টাৰ্মিলেন, তিনিচুকীয়াৰ পৰা তিনিচুকীয়া মেডিকেল কলেজলৈকে নিৰ্মাণ কৰা হ'ব এখন উৰণসেতু, তিনিচুকীয়াৰ ঐতিহাসিক ন-পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ১০ কোটি আৰু বৰদলৈ নগৰ পাৰ্কৰ বাবে ২ কোটি টকা, ডুমডুমা মহাবিদ্যালয়ত আৰু ডিগবৈ আৰু শদিয়াৰ চপাখোৱাত নিৰ্মাণ কৰা হ'ব এটা ইনড’ৰ ষ্টেডিয়ামৰ লগতে কাকপথাৰত এটা ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা ।

সমান্তৰালভাৱে ডুমডুমা নদীৰ ওপৰত RCC দলঙৰ লগতে ডুমডুমা চহৰত নিৰ্মাণ কৰা হ'ব এখন উৰণসেতু, মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব এখন দলং, শদিয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানৰ উন্নয়নৰ বাবাবে ৫ কোটি টকাৰ পেকেজ ঘোষণা আৰু তিনিচুকীয়া জিলা ষ্টেডিয়ামৰ বাবে ৫০ কোটি টকা ঘোষণা । ইয়াৰোপৰি চেন্ট্ৰিনেল কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰ নাথ হাজৰিকালৈ আজি অসম চৰকাৰে ছ্যুকাংফা বঁটা ঘোষণা কৰে ৷

লগতে পঢ়ক : উৰণ সেঁতু নিৰ্মাণৰ আঁৰত মুখ্যমন্ত্ৰীৰ আছে ঘৰুৱা এজেণ্ডা- পুনৰ গৌৰৱ গগৈৰ চোকা আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.