ডুমডুমা, 6 নবেম্বৰ : তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ দুৱাৰমৰা পঞ্চায়তৰ অন্তৰ্গত ১ নং দুৱাৰমৰা আদৰ্শ গাঁও হৰি নামঘৰত অসম দৰ্শন আচঁনিৰ আধাৰশিলা স্থাপন ৷ বৃহস্পতিবাৰে প্ৰথম কৃস্তিৰ ১০ দহ লাখ টকাৰে নিৰ্মাণ হ'ব লগীয়া অতিথি শালা, খোৱা পানী ব্যৱস্থা, শৌচালয় আৰু স্নানাগাৰ, বাহন ৰখা আস্থান আৰু চিচি কেমেৰাৰ ব্যৱস্থাৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সদস্য সচিব লক্ষ্য কোঁৱৰে । অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
![ASSAM DARSHAN SCHEME](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9447975_kj.jpg)
উল্লেখ্য যে, ক’ভিড-19 মহামাৰীৰ ফলত স্তব্ধ হৈ পৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰক সনল স্থিতি লৈ অনাৰ বাবে চৰকাৰ আৰু পৰ্যটন নিগমে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সেই অনুসৰি অসমৰ বিভিন্ন তীৰ্থস্থান, ঐতিহাসিক ক্ষেত্ৰ, প্ৰাকৃতিক ক্ষেত্ৰ আদি অন্তৰ্ভুক্ত কৰি আৰম্ভ কৰা হৈছে ঘৰুৱা পৰ্যটন ৷ অসম দৰ্শন আঁচনিৰ যোগেদি এই সমূহক সামৰি লোৱা হৈছে ৷
লগতে পঢ়ক : খোৱাঙত গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ