ETV Bharat / state

DC conference at Tinsukia: পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ তৃতীয়টো দিনৰ বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

তিনিচুকীয়াত অনুষ্ঠিত হোৱা তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ আজি তৃতীয়টো অৰ্থাৎ শেষৰটো দিন ৷ আজি তৃতীয়দিনাৰ কাৰ্যসূচীত পুৱাই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছৰ কাষত নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পাছতে আৰম্ভ হয় বৈঠক (Himanta Biswa Sarma in Tinsukia) ৷

DC conference at Tinsukia
জিলা উপায়ুক্ত সন্মিলনৰ আজি তৃতীয়টো অৰ্থাৎ শেষৰটো দিন
author img

By

Published : May 17, 2023, 3:23 PM IST

জিলা উপায়ুক্ত সন্মিলনৰ তৃতীয়টো দিনৰ বৈঠকত মুখ্যমন্ত্ৰী

তিনিচুকীয়া, 17 মে’: তিনিচুকীয়াত অনুষ্ঠিত হোৱা তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ আজি তৃতীয়টো অৰ্থাৎ শেষৰটো দিন ৷ আজি তৃতীয়দিনাৰ কাৰ্যসূচীত পুৱাই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছৰ কাষত নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পাছতে আৰম্ভ হয় বৈঠক ৷ বৈঠকত ৰাজ্যৰ 31খন জিলাৰ উপায়ুক্ত, মুখ্য সচিবৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী উপস্থিত থাকে (Assam CM attends 5th DC Conference in Tinsukia) ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, প্ৰথমদিনা অনুষ্ঠিত হোৱা সমীক্ষা বৈঠকত জিলা উপায়ুক্তসকলে নিজ নিজ জিলাৰ পৰা উপস্থাপন কৰা বিষয়সমূহৰ পৰা প্ৰস্তুত কৰা প্ৰতিবেদন সন্দৰ্ভত মঙলবাৰে আগবেলা জিলা উপায়ুক্ত সন্মিলনত পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে পাছবেলা জিলা উপায়ুক্ত কাৰ্যালয়সমূহ সমষ্টি পৰ্যায়লৈ লৈ যাবলৈ চলোৱা প্ৰস্তুতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণভাৱে প্ৰতিটো দিশ চালিজাৰি চোৱা হয় ৷ এইসন্দৰ্ভত প্ৰস্তুত কৰা ৰূপৰেখাৰ সংশোধনৰ ওপৰতো আলোচনা হ’ব (Himanta Biswa Sarma in Tinsukia) ৷

সমান্তৰালভাৱে বুধবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 12 খন বিশেষ আঁচনি ৰূপায়নৰ ওপৰত সকলো দিশ সাঙুৰি আলোচনা কৰা হ’ব ৷ আনহাতে, প্ৰত্যেক ছয় মাহৰ মূৰে মূৰে জিলা উপায়ুক্তৰ সন্মিলন অনুষ্ঠিত হ’ব আৰু পৰৱৰ্তী জিলা উপায়ুক্ত সন্মিলনখন উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ ঠিক একেদৰে জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’ব আগন্তুক আৰক্ষী অধীক্ষকৰ বৈঠক আৰু তাৰ পাছতে গুৱাহাটীত এদিন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন যৌথ বৈঠক অনুষ্ঠিত কৰা হ’ব (DC conference at Tinsukia) ৷

জিলা উপায়ুক্ত সন্মিলনৰ লগত সংগতি ৰাখি চৰকাৰে এটা আটকধুনীয়া কনভেনচন চেন্টাৰ উপহাৰ দিয়ে তিনিচুকীয়া জিলাখনলৈ । চাৰিগৰাকী মুখ্য অতিথিসহ আন চাৰিগৰাকী লোক থকাৰ সুবিধাৰ লগতে সভাগৃহ, পাকঘৰৰ লগতে সকলো উপলব্ধ এই কনভেনচন চেন্টাৰত ৷ কনভেনচন চেন্টাৰত ৰাজ্যৰ 31 গৰাকী জিলা উপায়ুক্ত উপস্থিত হোৱাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে মুখ্য সচিব, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্তমন্ত্ৰী অজন্তা নেওগ, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী (5th DC Conference in Tinsukia) ৷

ইতিমধ্যে সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মুঠ পাঁচখন বৈঠক অনুষ্ঠিত হয় জিলা উপায়ুক্ত সকলৰ৷ তাৰেই দুখন ডিগবৈত, এখন দুলীয়াজানত আৰু আন দুখন ডিব্ৰুগড়ত অনুষ্ঠিত হয় আৰু দ্বিতীয় দিনা মাজনিশা পৰ্যন্ত বৈঠক অনুষ্ঠিত হয় তিনিচুকীয়াৰ কনভেনচন চেন্টাৰত ৷

লগতে পঢ়ক: Tinsukia district BJP office: মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.