ETV Bharat / state

Assam Book fair 2023: তিনিচুকীয়াত আজিৰে পৰা আৰম্ভ অসম গ্ৰন্থমেলা 2023

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:06 PM IST

আজিৰ পৰা আৰম্ভ হ’ল 10 দিনীয়া অসম গ্ৰন্থমেলা ৷ তিনিচুকীয়াৰ ঐতিহাসিক চলিহা নগৰ খেলপথাৰত আৰম্ভ গ্ৰন্থমেলা ৷ অৰ্ধশতাধিক গ্ৰন্থ বিপণিৰ অংশগ্ৰহণ ৷

Assam Book fair 2023
তিনিচুকীয়াত আজিৰ পৰা আৰম্ভ অসম গ্ৰন্থমেলা

তিনিচুকীয়া, 1 নৱেম্বৰ : জ্ঞান পিপাসা মানুহৰ এক সহজাত প্ৰবৃত্তি ৷ এই প্ৰবৃত্তি নিৰাময়ৰ এক সুন্দৰ আৰু সহজ উপায় হ'ল অধ্যয়ন ৷ অধ্যয়নে মানুহক জ্ঞান সমুদ্ৰৰ অটল গহ্বৰলৈ লৈ যায় ৷ এক বিশেষ মানসিক তৃপ্তি প্ৰদানেৰে মানুহক এক বিশেষ সন্তুষ্টি প্ৰদান কৰে ৷

তিনিচুকীয়াৰ ঐতিহাসিক চলিহা নগৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা 10 দিনীয়া অসম গ্ৰন্থমেলা বুধবাৰৰ পৰা আৰম্ভ হয় ৷

আজি বিয়লি বন্তি প্ৰজ্বলন কৰি অসম গ্ৰন্থমেলা উদ্বোধন কৰে ৰাজস্থানৰ প্ৰসিদ্ধ শিশু সাহিত্যিক, সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক দীনদয়াল শৰ্মাই ৷ উদ্বোধনী ভাষণত তেওঁ কয়, “চৰকাৰী আৰু বেচৰকাৰী দুটা সংস্থাই একলগে এনেদৰে গ্ৰন্থক জনতাৰ মাজলৈ নিয়াৰ যি ব্যৱস্থা কৰিছে এয়া অভূতপূৰ্ব ৷ অসম গ্ৰন্থমেলাৰ এই যাত্ৰা সফল হোৱা মানেই এই মুলুকৰ বৌদ্ধিক সংস্কৃতিৰ উত্তৰণ ঘটিব ৷ এয়া নিশ্চয়কৈ ভাল লগা কথা ৷”

উদ্বোধনী সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থকে বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা ৷ তেওঁ কয় যে, অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ প্ৰচেষ্টাত ৰাজ্যখনত গ্ৰন্থমেলা নতুন ৰূপেৰে জিলিকি উঠিছে ৷ ই মেলাৰ পৰ্যায়তে নাথাকি এক বৌদ্ধিক আন্দোলনৰো গতি লাভ কৰিছে ৷

তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে ভাষণ প্ৰসংগত কয় যে, গ্ৰন্থই মানুহক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে ৷ সেয়ে কিতাপৰ সান্নিধ্য লাভেৰে অসম গ্ৰন্থমেলাক সফল কৰিবলৈ তিনিচুকীয়াবাসীলৈ আহ্বান জিলা আয়ুক্তগৰাকীয়ে ৷

এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী ৷ উল্লেখ্য যে অসম প্ৰকাশন পৰিষদ,ৰাজ্যখনৰ আগশাৰীৰ পুথি প্ৰকাশকৰ লগতে দিল্লী, কলকতাৰ পৰা অহা প্ৰকাশন গোষ্ঠীৰ সৰ্বমুঠ অৰ্ধশতাধিক বিপণিয়ে গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:Man Joins in Ulfa (I): পুনৰ আলফা(স্বাধীন)ত যোগদান শদিয়াৰ এজন লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.