ETV Bharat / state

Bohagi Mela 2023: তিনিচুকীয়াত অসমী বহাগী মেলাৰ আয়োজন - Exibition at Tinsukia

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়া শাখাৰ উদ্যোগত অসমী ব'হাগী মেলা আৰম্ভ (Exibition at Tinsukia)৷ উপায়ুক্ত স্বপ্নীল পালে শুভ উদ্বোধন কৰে এই মেলাখনৰ ।

Exibition at Tinsukia
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান
author img

By

Published : Apr 10, 2023, 10:17 PM IST

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান

তিনিচুকীয়া, ১০ এপ্ৰিল : তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত ডাক বাংলো প্ৰাংগণত সোমবাৰৰ পৰা আৰম্ভ হৈছে অসমী ব'হাগী মেলা (Asomi Bohagi Mela at Tinsukia) । এই অসমী ব'হাগী মেলাখনৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে । ১২ এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া অসমী ব'হাগী মেলাখনত মুঠ ৩১ খন বিপনী স্থাপন কৰা হৈছে ।

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলাৰ গুইজান, ইটাখুলি, মাৰ্ঘেৰিটা, কাকপথাৰ, হাপজান, ছৈখোৱা আৰু শদিয়া খণ্ডৰ পৰা আত্ম সহায়ক গোট, গ্ৰাম্য সংগঠন তথা মণ্ডল পৰ্যায়ৰ সংগঠনৰ মুঠ ৭০ গৰাকী মহিলাই এই অসমী ব'হাগী মেলাত অংশগ্ৰহণ কৰিছে (Assam State Rural Livelihoods Mission) ।

অসমী ব'হাগী মেলাত জিলাখনৰ উদ্যমী মহিলা, শিপিনী সকলে হাতে বৈ উলিওৱা চেনেহৰ বিহুৱানখনিৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত সাজপাৰ, সকলো ধৰণৰ পিঠা-পনা, জলপান, গৰু বিহুৰ চাটৰ সকলো সম্ভাৰ, জেতুকা, আমৰলি টোপ, এশ এবিধ শাকৰ সম্ভাৰৰ লগতে সকলো থলুৱা সামগ্রী উপলব্ধ হৈছে (Tinsukia DC inaugurated Bohagi Mela)। জিলা উপায়ুক্ত স্বপ্নীল পালে অসমী ব'হাগী মেলাত অংশগ্ৰহণ কৰা মহিলাসকলক থলুৱাভাৱে উৎপাদিত গামোচা, মেখেলা চাদৰৰ লগতে অন্যান্য খাদ্যসম্ভাৰেৰে স্থানীয় বজাৰ দখল কৰিবলৈ আহ্বান জনায় ।

তিনিদিনীয়াকৈ অনুষ্ঠিত এই ব'হাগী মেলাত অংশগ্ৰহণকাৰীসকলৰ বাবে লাভজনক হ'ব বুলিও তেওঁ মন্তব্য আগবঢ়ায় । জিলা উপায়ুক্তগৰাকীয়ে অসমী ব'হাগী মেলাৰ প্ৰতিটো বিপনী পৰিদৰ্শন কৰি অংগ্ৰণকাৰীসকলৰ সৈতে মতবিনিময় কৰে । উল্লেখযোগ্য যে, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলাৰ চাৰিটা খণ্ডত সফলতাপূৰ্বক জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম চলাই থকা হৈছে ।

আজিৰ অনুষ্ঠানতে জিলা উপায়ুক্তগৰাকীয়ে আনুষ্ঠানিকভাৱে চাৰিটা জৈৱিক গ্ৰুপক পিজিএছ গ্ৰীণ প্ৰমাণপত্ৰ প্ৰদান কৰে । আজিৰ অনুষ্ঠানটোত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া শাখাৰ জিলা প্ৰকল্প প্ৰৱন্ধক মনজিৎ গগৈ প্ৰমুখ্যে অন্যান্য বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে (Bohagi Mela in Tinsukia)।

লগতে পঢ়ক:Dalai Lama controversy: শিশুৰ ওঁঠত চুমা খোৱাৰ ভিডিঅ ভাইৰেল; পৰিয়ালক ক্ষমা বিচাৰিলে দালাই লামাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.