তিনিচুকীয়া,16 আগষ্টঃ তিনিচুকীয়াৰ শিৱ ধামৰ সমীপত অৰুণাচলী সুৰাভৰ্তী ট্ৰাক এখন জব্দ কৰে আৰক্ষীয়ে । স্বাধীনতা দিৱসৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে চলোৱা নাকা চেকিঙৰ সময়ত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । অৰুণাচল প্ৰদেশৰ নামছাইৰ পৰা পশ্চিমবংগলৈ নথি-পত্ৰ বিহীনভাৱে UP 21 CN 4707 নম্বৰৰ এখন ট্ৰাকত প্ৰায় ২৫ লাখ টকা মূল্যৰ অৰুণাচলী সুৰা কঢ়িয়াই নিয়াৰ সময়তে ট্ৰাকখন জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে ।
লগতে পঢ়কঃ নিজৰ ব্ৰেণ্ডৰ মাস্ক মুকলি কৰি ট্ৰ'ল হ'ল চলমান খান
ইফালে ট্ৰাকসহ আটক কৰা ড্ৰাইভাৰ মহম্মদ কাইফক ইতিমধ্যে তিনিচুকীয়া আদালতে জেললৈ প্ৰেৰণ কৰিছে । অন্যহাতে জব্দ কৰা সুৰাভৰ্তী ট্ৰাকখন তিনিচুকীয়া আৰক্ষীয়ে আৱকাৰী বিভাগক গতাই দিছে ।