ডিগবৈ,11 এপ্ৰিল: তিনিচুকীয়াৰ ডিগবৈত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ ব্যক্তিক ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন লোককেইজন হৈছে বিমান তালুকদাৰ আৰু অভিষেক ৰাজকোঁৱৰ ৷ ইয়াৰ লগতে নিচাযুক্ত ড্ৰাগছৰ সৰবৰাহ কাৰ্যত ব্যৱহাৰ কৰা AS 23 AA 5443 নম্বৰৰ এখন স্কৰপিঅ’ বাহনো জব্দ কৰে আৰক্ষীয়ে ৷
আটকাধীন ব্যক্তি দুজনৰ কবলৰ পৰা চাধা ভৰোৱা টেমাত ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ড্ৰাগছখিনি ডিগবৈ চাৰিআলিৰ ৰাজআলিৰ পৰা ক্ৰয় কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আটকাধীন লোক দুজনে ৷ ডিগবৈত পূৰ্বেও বহুবাৰ ড্ৰাগছ সৰবৰাহকাৰী বা ব্যৱসায়ৰ লগত জড়িত লোকক আৰক্ষীয়ে আটক কৰিছে যদিও জামিন লাভ কৰি পুনৰ এই ব্যৱসায়ত অভিযুক্তসকল জড়িত হৈ পৰে ৷ সেয়েহে আটকাধীন লোক দুজনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সচেতন ৰাইজে দাবী জনাইছে ৷
লগতে পঢ়ক : বন্যহস্তীৰ তাণ্ডৱে জুৰুলা কৰিছে পেঙেৰীবাসীক