ETV Bharat / state

দুষ্প্ৰাপ্য বন্যপ্ৰাণী বধ কৰি ভোজমেল

author img

By

Published : Sep 20, 2019, 3:34 AM IST

Updated : Sep 20, 2019, 9:00 AM IST

বন বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 20 মিটাৰ নিলগতে দুষ্প্ৰাপ্য বন্যপ্ৰাণী নিধন কৰি ভোজমেল,কাণসাৰ নাই বন বিভাগৰ ৷

দুষ্প্ৰাপ্য বন্যপ্ৰাণী বধ কৰি ভোজমেল

তিনিচুকীয়া,20 ছেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বন বিষয়া কাৰ্যালয়ৰ সন্মুখতে বন্যপ্ৰাণী বধ কৰি ৰাজহুৱা ভোজমেল ৷ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কাকপথাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 20 মিটাৰ নিলগত একাংশ লোকে এজনি প্ৰায় ছয়-সাত কেজি ওজনৰ আপুৰুগীয়া গুঁই বধ কৰি ইয়াৰ মাংস বিক্ৰী কৰাৰ লগতে ভাগ বতৰা কৰি ভোজ মেল পাতি উল্লাস কৰা বুলি জানিব পৰা গৈছে ৷ কিন্তু, ঘটনাটোক লৈ চকু মুদা কুলিৰ বেশত বনবিভাগৰ লোক ৷ বন-বিভাগৰ কৰ্মচাৰীসকল অন্য কামত যোৱাৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে বুলি উল্লেখ কৰাৰ লগতে মটৰ চাইকেলেৰে এজনক ঘটনাস্থলীলৈ এজন বনকৰ্মীক পঠিওৱা বুলি দায়সৰা মন্তব্য কাকপথাৰ বনাঞ্চলিক বিষয়াৰ ৷

এই ঘটনাক লৈ এতিয়া সৰৱ হৈ পৰিছে একাংশ সচেতন লোক ৷ এইদৰে বন্যপ্ৰাণী ৰোধ কৰি ভোজমেল পতা কাৰ্যক গৰিহণা দিছে আৰ.কে.ৱেলফেয়াৰ ছচাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ বিষয়টোৰ ক্ষেত্ৰত জড়িত সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ লগতে এনে ধৰণৰ কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

Intro:বন বিষয়া কাৰ্যালয়ৰ পৰা ২০ মিটাৰ নিলগত আপুৰুগীয়া বন্যপ্ৰাণী বধ কৰি ভোজমেল, কানসাৰ নাই বন বিভাগৰ

শদিয়া : : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বন বিষয়া কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে বন্যপ্ৰাণী বধ কৰি ৰাজহুৱা ভোজমেল ৷ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কাকপথাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰৰ পৰা মাত্ৰ ২০মিটাৰ নিলগত একাংশ লোকে এজনি প্ৰায় ছয়,সাত কেজি ওজনৰ আপুৰুগীয়া গুঁই (Lzard) বধ কৰি ইয়াৰ মাংস বিক্ৰী কৰাৰ লগতে সকলোৱে ভাগ বতৰা কৰি ভোজ মেল পাতি উল্লাস কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য বিষয়টো হ’ল যে কি দৰে ৰাষ্ট্ৰীয় ঘাই পথৰ আনটো পাৰে বন বিভাগৰ কাৰ্যালয়ৰ সন্মূখত মাত্ৰ বিশ এইদৰে আপুৰুগীয়া বন্যপ্ৰাণী নিধন কৰি মুকলিকৈ বেহা চলোৱাৰ লগতে ভোজমেল কৰিব পাৰিছে ৷ সেইয়া ৰহস্যজনক বিষয় ৷ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বনবিভাগ যে সম্পূৰ্ণৰূপে বিফল কাকপথাৰ কাৰ্যালয়টোৰ ক্ষেত্ৰত তাকে প্ৰমাণ কৰিছে ৷ কাকপথাৰ বনাঞ্চলিক বিষয়াৰ পৰা উক্ত বিষয়টোৰ সন্দৰ্ভত জানিব বিছৰাত তেখেতে দায় সৰা মন্তব্য প্ৰদান কৰি কৰ্মচাৰীসকল বেলেগ কামত যোৱাৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে বুলি মন্তব্য কৰাক লগতে মটৰ চাইকেলেৰে এজনক চাবলৈ পঠাইছিলো বুলি কৈয়ে দায়িত্ব সামৰে ৷ আগন্তুক সময়ত বন্যপ্ৰাণীক সুুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বন বিভাগ কিমান সফল হয় সেইয়া লক্ষ্যণীয় হোৱাৰ লগতে চকুৰ সন্মুখতে এইদৰে বন্যপ্ৰাণী ৰুধ কৰি ভোজমেল পতাৰ পিছত কামত অৱহেলা কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা লয়, সেইয়া সময়ত হে জনা যাব ৷ উল্লেখ্যে যে এইদৰে বন্যপ্ৰাণী ৰুধ কৰি ভোজমেল পতাৰ কাৰ্যক গৰিহণা দিছে আৰ, কে, ৱেলফেয়াৰ ছচাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ বিষয়টোৰ ক্ষেত্ৰত জড়িত সকলৰ ওপৰত ব্যৱস্থা লোৱাৰ লগতে এনে ধৰণৰ কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷Body:Byte : 1/ NGO Member
2/ Forest Rang OfficerConclusion:Mintu Talukdar
Sadiya
Last Updated : Sep 20, 2019, 9:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.