ETV Bharat / state

Scam in CAMPA: ডুমডুমা বন সংমণ্ডলত নিবিদা অবিহনেই মোকলাই দিলে ধন

author img

By

Published : Jun 4, 2023, 1:54 PM IST

ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা আৰু খাটাংপানী ৰেঞ্জৰ "CAMPA" আঁ‌চনিত অনিয়মৰ অভিযোগ (Allegations of irregularities in CAMPA)। নিবিদা গ্ৰহণ নকৰাকৈ বন সংমণ্ডল বিষয়াই ঠিকাদাৰ লগত বুজাবুজিৰে বনাঞ্চলত ফেঞ্চিং বাবে পকী খুঁটাৰ বাবে দিলে অনুমোদন ৷

Allegations of irregularities in CAMPA
ডুমডুমা বন সংমণ্ডল
ডুমডুমা বন সংমণ্ডল

তিনিচুকীয়া, ৪ জুন: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডৰ অন্তৰ্গত খাটাংপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ চাৰিখনকৈ সংৰক্ষিত বনাঞ্চল আৰু ডুমডুমা আঞ্চলিক বন বিষয়া অন্তৰ্গত নলনি সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে ফেঞ্চিং আৰু পকী খুঁটাৰ বাবে গ্ৰহণ কৰা "CAMPA" আঁ‌চনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegations of scam in CAMPA at Doomdooma)। এই আঁচনিৰ বাবে ২০২২-২৩ বৰ্ষত চৰকাৰে আৱণ্টন দিছিল ১কোটি ১২ লাখ টকা (Doomdooma Forest Division)। সেই অনুসৰি চৰকাৰৰ অধিসূচনা মতে,বন বিভাগে বনাঞ্চলৰ প্ৰতিটো বিভাগৰ কামৰ বাবদ নিবিদাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল । কিন্তু ডুমডুমা বন সংমণ্ডলে মাত্ৰ বনাঞ্চলৰ ফেঞ্চিং যোগানৰ বাবেহে নিবিদা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

সমগ্ৰ দুৰ্নীতি, অনিয়মৰ ঘটনা পোহৰলৈ আহিল শনিবাৰে দিনৰ ভাগত । কালি দিনৰ ভাগত ডুমডুমা বন সংমণ্ডল বিষয়া ৰাজেন্দ্ৰ ভাৰতীৰ নিৰ্দেশত AS23 AC6267 আৰু AS03 AC4727 নম্বৰৰ দুখন বাহনে কোনো নিবিদা নোহোৱাকৈ বনাঞ্চলত ফেঞ্চিঙৰ বাবে পকী খুঁটা অৱৈধভাৱে কঢ়িয়াই অনা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । তাৎক্ষণিকভাৱে বৰডুমচা চহৰৰ নিচেই কাষতে লাগি থকা দুৱাৰামৰা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পকী খুঁটা কঢ়িয়াই অনা গাড়ী দুখন জব্দ কৰি পেঙেৰী খাতাঙপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে (Pengeri Khatangpani Bit Forest Office)। ঠিকাদাৰ গৰাকীয়ে ৱৰ্ক অৰ্ডাৰ লাভ নকৰাকৈ বন সংমণ্ডল বিষয়াৰ লগত মিতিৰালি কৰি চৰকাৰক জিএছটি ফাকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

স্থানীয় ৰাইজে অনিয়মৰ ঘটনাটোৰ তদন্তৰ দাবী উত্থাপন কৰি খাটাংপানী বন সংমণ্ডলত স্মাৰক পত্ৰ দাখিল কৰাৰ লগতে ডুমডুমাৰ বন সংমণ্ডল বিষয়া ৰাজেন্দ্ৰ ভাৰতীয়ে"CAMPA" আঁচনিত এক বৃহৎ পৰিমাণৰ ধনৰ অনিয়ম কৰা ঘটনাটো জিলা উপায়ুক্ত,বনমন্ত্ৰীক তদন্ত কৰিবলৈ অনুৰোধ জনাইছে । উল্লেখযোগ্য যে বিজেপি চৰকাৰৰ অনিয়মৰ বিৰুদ্ধে এইবাৰ খোদ বিজেপি দলৰ বুঢ়ীদিহিং মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণ জাঙোৰ খাই উঠিছে । উত্থাপিত অভিযোগ মতে,ডুমডুমাৰ বন সংমণ্ডলৰ অন্তৰ্গত প্ৰতিটো সংৰক্ষিত বনাঞ্চলতেই পকী খুঁটাৰ নামত নিবিদা নোহোৱাকৈ ঠিকাদাৰৰ লগত বুজাবুজিৰে ধন মোকলাই দিছে বন সংমণ্ডল বিষয়া ৰাজেন্দ্ৰ ভাৰতীয়ে ।

লগতে পঢ়ক:Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.