ETV Bharat / state

Jal Jeevan mission: তিনিচুকীয়াত জল জীৱন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Mar 22, 2023, 4:06 PM IST

ফিল'বাৰীৰ সোণাপুৰ দেউৰী গাঁৱত জলজীৱন আঁ‌চনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Scam allegation in Jal jeevan mission in Tinsukia) । ৬ ইঞ্চি নলা খান্দি খুঁটা পুতি দায়িত্ব সামৰিলে ঠিকাদাৰে । ঠিকাদাৰৰ ওপৰত উচিত তদন্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ ।

Scam in Jal jeevan mission in Tinsukia
জল জীৱন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি

জল জীৱন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি

তিনিচুকীয়া,২২ মাৰ্চ: খোৱাপানীৰ সু-ব্যৱস্থাৰ কাৰণে ক্ষীপ্ৰতাৰে আৰু গুৰুত্বসহকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সমগ্ৰ ৰাজ্যতে আৰম্ভ কৰা হৈছে জল জীৱন আঁচনি ৷ শাসকীয় চৰকাৰখনে অতি গুৰুত্ব প্ৰদান কৰা আঁচনিসমূহৰ ভিতৰত অন্যতম আঁচনি হৈছে জল জীৱন মিচন ৷ “ঘৰ ঘৰ নল, ঘৰ ঘৰ জল” এই শ্ল’গানেৰে প্ৰতিখন ঘৰতেই জল জীৱন আঁচনিৰ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে (Jal Jeevan mission scheme) ৷

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাখনৰ কেইবাটাও স্থানত উক্ত জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও ৰাইজৰ কাৰণে মুকলি কৰিছে ৷ কিছু কিছু প্ৰান্তত ৰাইজে লাভ কৰিছে বিশুদ্ধ খোৱাপানী ৷ কিন্তু তাৰ মাজতে একাংশ ঠিকাদাৰে অধিক লাভৰ আশাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত ৰাইজ বঞ্চিত হৈছে বিশুদ্ধ খোৱা পানীৰ পৰা ৷ লগতে এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উঠিছে (Scam in Jal jeevan mission) ৷

তিনিচুকীয়া জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিগবৈ উপ-সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা ফিল'বাৰী সোণাপুৰ দেউৰী গাঁৱত জল জীৱন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ফিল'বাৰী সোণাপুৰ দেউৰী গাঁৱত প্ৰায় ৬ মাহ পূৰ্বে ৮০ লক্ষাধিক টকাৰে আৰম্ভ কৰিছিল জল জীৱন মিচন আঁ‌চনিৰ প্ৰকল্পৰ কাম (Corruption in Jal Jeevan Scheme) ।

লক্ষ্য আৰু উদেশ্য এটাই আছিল, জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰা । কিন্তু চৰকাৰৰ সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি ঠিকাদাৰে মাত্ৰ ৬ ইঞ্চি নলা খান্দিয়েই মাটিত পাইপ পুতি সামৰিলে দায়িত্ব (Public grievances against Contractor in Tinsukia) । ইফালে আকৌ নিম্নমানৰ পাইপ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে, পকী খুঁটাত নাই কোনো পকী ধালাই ব্যৱস্থা । ফলত যিকোনো মুহূৰ্ততে গৰু, গাহৰিয়ে খুঁটাৰ লগতে পানীৰ পাইপ ভাঙি পেলোৱাৰ আংশকা ঘনীভূত হৈছে ৷

হৰ ঘৰ নল, হৰ ঘৰ জলৰ সলনি এতিয়া ফিল’বাৰীৰ সোণাপুৰ দেউৰীগাঁৱত হৈ পৰিছে চাহ বাগিচাই বাগিচাই নল, টকৌ বাৰিয়ে বাৰিয়ে জল ৷ বাৰিয়ে বাৰিয়ে পানী যোগানৰ বাবে দিছে পানী পাইপৰ খুঁটা । সকলো ফালেই যেন অনিয়ম আৰু অনিয়ম । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তিনিচুকীয়াৰ ঠিকাদাৰ জনৈক শৰ্মাই লাভ কৰিছিল ৮০ লক্ষাধিক টকাৰ ঠিকা । গতিকে অনিয়মত হাত উজান দিয়া ঠিকাদাৰ জনৈক শৰ্মাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক তথা জিলা প্ৰশাসনক তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Man elephant conflict: কলিয়াবৰত নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.