ETV Bharat / state

তিনিচুকীয়াৰ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Allegation of corruption in road construction

দীৰ্ঘদিনে তিনিচুকীয়াৰ লক্ষীপথাৰবাসীক জলা-কলা খুৱাই অহা এটা পথ পুনৰ নিৰ্মাণৰ পিছতে জৰাজীৰ্ণ হৈ পৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ ৰাইজৰ বহু আবেদন নিবদনৰ পিছতে অইল ইণ্ডিয়াই পথটো নিৰ্মাণ কৰে যদিও অতি নিম্নমানৰ কাম হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে (Corruption in road construction) ৷

Corruption in road construction
তিনিচুকীয়াৰ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jan 11, 2022, 4:56 PM IST

তিনিচুকীয়া, 11 জানুৱাৰী : বহু বছৰৰ পাছত তিনিচুকীয়াৰ লক্ষীপথাৰবাসী ৰাইজৰ যেন বহুদিনীয়া আশা এটা পূৰণ হ’বলৈ গৈ আছিল । লক্ষীপথাৰবাসীয়ে বহু আশাৰে ভাবি আছিল এটা ভাল পথৰ ওপৰেৰে অহা যোৱা কৰিবলৈ পাব । বহু দুৰ্দশাৰ মাজতে বছৰৰ পিছত বছৰ পাৰ কৰিলে লক্ষীপথাৰৰ ৰাইজে ৷ লক্ষীপথাৰবাসীয়ে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ পথ বুলি বিবেচনা কৰা পথটো হ’ল ডিগবৈ-বালিজান হৈ লক্ষীপথাৰ সংযোগী মুখ্য পথটো ।

এই পথছোৱাৰ প্ৰায় ৫ কিলোমিটাৰ দৈঘ্যই লক্ষীপথাৰবাসীক বহু বছৰৰ পৰা জলা-কলা খুৱাই আহিছে (Pathetic road condition in Lakhipathar)। একেবাৰে বিধ্বস্ত এই পথছোৱা অইল ইণ্ডিয়াৰ অধীনত পৰে আৰু অইল ইণ্ডিয়াই বহু বছৰৰ পাছত এই পথছোৱা পকীকৰণৰ ব্যৱস্থা হাতত লয় আজিৰ পৰা ১৬ বছৰ মান আগতে । তাৰ কেইবছৰমান পিছত লাহে লাহে পথছোৱা বিধ্বস্ত হয় আৰু মাজতে এবাৰ জোৰা-টাপলি মাৰি অইল ইণ্ডিয়াই মেৰামতি কৰিছিল পথছোৱা (Road construction by Oil India Limited) ।

তিনিচুকীয়াৰ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কিন্তু অতি নিম্নমানৰ নিৰ্মাণ সামগ্ৰীৰে বনোৱাৰ বাবে পথছোৱা এবছৰৰ পাছৰ পৰাই পুনৰ বিধ্বস্ত হৈ পৰে আৰু আজি পৰ্যন্ত তেনেদৰেই বহু যন্ত্ৰণাৰ মাজেৰে লক্ষীপথাৰবাসীয়ে এই পথছোৱাৰে অহা-যোৱা কৰি আছে (Corruption in road construction)।

যিহেতু লক্ষীপথাৰবাসীৰ সকলো বজাৰ, শিক্ষা, চিকিৎসা, বেংকৰ লেন-দেন অৰ্থাৎ মূল অৰ্থনৈতিক যোগাযোগ ডিগবৈ চহৰৰ লগত । গতিকে এই পথছোৱা হৈছে লক্ষীপথাৰবাসীৰ মুখ্য যোগাযোগ ব্যৱস্থা । কিন্তু অতি পৰিতাপৰ বিষয় যে, পথছোৱা বহু আৱেদন নিবেদন কৰি পুনৰ নিৰ্মাণৰ বাবে লক্ষীপথাৰৰ বহু ব্যক্তিৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰি দিয়াত অইলে আজিৰ পৰা কেইমাহমান আগতে কাম আৰম্ভ কৰিলে আৰু ইতিমধ্যে ৯০ শতাংশ কাম শেষ কৰে ।

কিন্তু লক্ষীপথাৰবাসী ৰাইজৰ অতি দুভাগ্য যে, পথছোৱা অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ বাবে দুদিনৰ পাছতে বেয়া হ’বলৈ আৰম্ভ হৈছে । বিগত তিনিদিন ধৰি লক্ষীপথাৰৰ ৰাইজে পথছোৱা মেৰামতিৰ নামত যে বিসংগতি হৈছে সেই কথা অইল ইণ্ডিয়াৰ অভিযন্তা আৰু ঠিকাদাৰ পক্ষক অৱগত কৰি আহিছে । কিন্তু লক্ষীপথাৰবাসীৰ কথাক আওকাণ কৰি পুনৰ নিম্নমানৰ সামগ্ৰীৰে পথছোৱা নিৰ্মাণ কৰি থকা দেখা গৈছে । যাৰ বাবে মঙলবাৰে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত বিষয়টো অৱগত কৰি পথটো উন্নতভাৱে নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Guwahati Smart City Project : গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ নামত চৰম ভেকোভাওনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.