মাৰ্ঘেৰিটা,24 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাত টিৰাপ স্বায়ত্ব শাসন দাবী সমিতিৰ উদ্যোগত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ সহযোগত বুধবাৰে আহ্বান কৰা ১২ ঘণ্টীয়া তিনিচুকীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় মাৰ্ঘেৰিটাত ।
উল্লেখযোগ্য যে, তিনিচুকীয়া জিলা বন্ধৰ অংশ হিচাপে অঞ্চলটোৰ সংগঠনটোৰ উদ্যোগত বহু জনজাতীয় ৰাইজে মাৰ্ঘেৰিটা চেগুণবাৰী তিনিআলিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীসকলে বিধায়ক ভাস্কৰ শৰ্মা মুর্দাবাদ, বিজেপি গ' বেক, আমাক টিৰাপ স্বায়ত্ব শাসন প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক অকৰ্মণ্য আখ্যা দিয়ে সমিতিৰ মুখপাত্ৰ পল্লৱ শ্যাম বাইলুঙে ।
লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ