ETV Bharat / state

সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতি তম কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Oct 25, 2020, 10:29 PM IST

দ্ৰুত গতিত প্ৰস্তুতি চলিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতি তম কেন্দ্ৰীয় অধিৱেশনৰ ৷ প্ৰায় ১ কোটি ব্যয়ৰ বাজেট নিৰ্ধাৰণ কৰি প্ৰস্তুতি চলোৱা হৈছে এই অধিবেশনৰ ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ প্ৰয়াস বদৌচা সমন্বয় ক্ষেত্ৰক ৷

all koran student union
all koran student union

তিনিচুকীয়া, 25 অক্টোবৰ : ডিগবৈ মুলীয়াবাৰীস্থিত খেলপথাৰৰ প্ৰাংগণত অহা ইং ২৯, ৩০, ৩১ অক্টোবৰ আৰু ১ নৱেম্বত অনুষ্ঠিত হ’ব সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতি তম কেন্দ্ৰীয় অধিৱেশন ৷ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত চাৰিদিনীয়াকৈ এক বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই অধিবেশন ।

অসমৰ অন্যতম জনগোষ্ঠী হিচাপে পৰিচিত মৰাণ জনগোষ্ঠী । মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ একবিংশতি তম অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব তিনিচুকীয়া জিলাৰ, ডিগবৈ মুলীয়াবাৰীত । চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অধিবেশনখনিৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । পূজাৰ মাজতে প্ৰতিকূল বতৰকো নেওচি অতি দ্ৰুত গতিত চলিছে অধিবেশনৰ কাম । এফালে যদি মূল অস্থায়ী প্ৰেক্ষাগৃহৰ কাম চলি আছে, আনফালে চলি আছে আকৌ নৃত্য-গীতৰ আখৰা ৷

সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতি তম কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

প্ৰায় ১ কোটি টকা ব্যয়ৰ বাজেট নিৰ্ধাৰণ কৰি লোৱা অধিৱেশন খনিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি কেইবাজনো সাংসদ আৰু বিধায়ক উপস্থিত থাকিব বুলি জানিবলৈ দিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে । মাজত মাথোঁ দুটামান দিন, উদুলি-মুদুলি হৈ পৰিব মুলীয়াবাৰীৰ বদৌচা সমন্বয় ক্ষেত্ৰ ৷ এই অধিবেশনখন সাফল্য মণ্ডিত কৰাৰ বাবে চেষ্টাৰ কোনো ক্ৰুটি ৰখা নাই সদৌ মৰাণ ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : মিঞা সংগ্ৰহালয় প্ৰসংগ: টুইটযোগে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.