তিনিচুকীয়া, ১৭ ছেপ্টেম্বৰ: হেণ্ডবল খেলুৱৈ আকাংক্ষা হাজৰিকাই তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে এক সুখবৰ । আকাংক্ষা হাজৰিকাই তিনিচুকীয়ালৈ এই গৌৰৱ কঢ়িয়াই অনাৰ পিচতেই জিলাখনত আনন্দৰ জোৱাৰ উঠিছে । কিয়নো ভাৰতীয় ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা ।
উল্লেখ্য যে ইতিমধ্যে ইন্দো-বাংলাদেশ আন্তৰ্জাতিক হেণ্ডবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে আকাংক্ষাই । আকাংক্ষা হাজৰিকাৰ ঘৰ তিনিচুকীয়াৰ বাঘজান চাহ বাগিচাত । আকাংক্ষাই ভাৰতীয় ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হোৱাৰ পাছতে শনিবাৰে মতিৰাম কৈৰী কল্যাণ ন্যাসৰ তৰফৰ পৰা বাঘজান চাহ বাগিচাস্থিত নিজা বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে । মতিৰাম কৈৰী কল্যাণ ন্যাসৰ লগতে তেওঁ আন্তৰ্জাতিক পৰ্যায়ত ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে ।
এই সন্দৰ্ভত সদৌ অসম কিষাণ সমাজৰ ৰাজ্যিক সভাপতি ৰাজেশ কিষাণ, অসম খাড়িয়া সমাজৰ জিলা সভাপতি ৰবীন খাড়িয়া, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলাৰ সহকাৰী সম্পাদক অনুৰাগ কৈৰীয়ে কয় যে সীমিত সা-সুবিধাৰে তিনিচুকীয়াৰ বাঘজান চাহ বাগিচা দৰে ঠাইৰ পৰা ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হোৱাটো সচাকৈয়ে গৌৰৱৰ বিষয় ।
এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কিষাণ সমাজৰ ৰাজ্যিক সভাপতি ৰাজেশ কিষাণ, অসম খাড়িয়া সমাজৰ জিলা সভাপতি ৰবীন খাড়িয়া, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলাৰ সহকাৰী সম্পাদক অনুৰাগ কৈৰী, মতিৰাম কৈৰী কল্যাণ ন্যাসৰ সদস্য নৰেন কৈৰীৰ লগতে কৰ্মকৰ্তাসকল । উল্লেখ্য যে এনে খবৰৰ পাছতে আকাংক্ষাৰ পিতৃ-মাতৃৰ লগতে সমগ্র অঞ্চলবাসীয়ে উৎফুল্লিত হৈ পৰিছে ।
লগতে পঢ়ক:Biswanath district inaugurate: নৱ ঘোষিত বিশ্বনাথ জিলাৰ আনুষ্ঠানিক শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ