তিনিচুকীয়াত,29 ডিচেম্বৰঃ অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা যোৱা ২৭ ডিচেম্বৰত অনুষ্ঠিত হয় । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয় বাছনি সভাত তিনিচুকীয়া জিলা যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰা তথা বিগত কাৰ্যকালৰ সাংগঠনিক সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি থকা কণ গগৈক নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ।
সেই মৰ্মে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত, তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে নৱ নিৰ্বাচিত উপ-সভাপতি গৰাকীক আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।
লগতে পঢ়কঃ সম্প্ৰীতিৰএনাজৰীৰে ডিব্ৰুগড়ত চাচনি লিহিৰি উৎসৱৰ আয়োজন